অফিচৰ পৰা ঘৰলৈ উভতি আহোঁতে সদায় বহু লোকে শিশুটিৰ বাবে চকলেট, ক্ৰীমযুক্ত বিস্কুট লৈ অহাৰ অভ্যাস । এনে খাদ্যসামগ্ৰী লাভ কৰিলেই শিশুটিৰ মনত হাঁহি বিৰিঙি উঠে । গোটেই দিনটো শিশুটিক সময় দিব নোৱাৰাৰ মানসিক চাপো আপোনাৰ মনৰ পৰা আঁতৰি যায়। কিন্তু কেঁচুৱাৰ দাঁতৰ বাবে চকলেট, বিস্কুট ক্ৰীম কিমান ক্ষতিকাৰক সেয়া আমি পাহৰা উচিত নহয় ৷ যদি আপুনি সৰুৰে পৰা সন্তানৰ দাঁতৰ যত্ন ল’বলৈ আৰম্ভ নকৰে, তেন্তে শিশুটিয়ে পিছত বিভিন্ন সমস্যাত ভুগিব। যদি আপুনি সেইটো নিবিচাৰে তেন্তে আপোনাৰ সন্তানৰ দাঁতৰ যত্ন লোৱাৰ ক্ষেত্ৰত অতিৰিক্ত সাৱধান হ’ব লাগিব।
কেনেকৈ শিশুটিৰ দাঁতৰ যত্ন লব?
১) শিশুটিক দিনটোত দুবাৰকৈ দাঁত ব্ৰাছ কৰাৰ অভ্যাস কৰাব লাগে। পুৱা সাৰ পোৱাৰ পিছত আৰু ৰাতিৰ আহাৰ খোৱাৰ পিছত।
২) চেনিযুক্ত খাদ্য যিমান পাৰি কমকৈ খাবলৈ দিয়ক ৷ চেনি দাঁতৰ বাবে একেবাৰেই ভাল নহয়। দাঁতৰ ক্ষয় কৰে চেনিযুক্ত সামগ্ৰীয়ে ।
৩)শিশুৰ দাঁতত কিবা অসুবিধা হলে চিকিৎসকৰ পৰামৰ্শ লব। নিজে কোনো সিদ্ধান্ত নোলোৱাই ভাল।
৪)শিশুৰ শৰীৰত অধিক পানী থকাটো জৰুৰী যাতে দাঁতবোৰ সুস্থ হৈ থাকে। গতিকে পানী বেছিকৈ খাব।
৫) কোনো সমস্যা নাথাকিলেও শিশুৰ দাঁতৰ অৱস্থা ভাল নে নাই পৰীক্ষা কৰাটো জৰুৰী। তাৰ বাবে মাজে মাজে শিশুটিক ডাক্তৰৰ ওচৰলৈ লৈ যাওক।