ডায়েবেটিছ ৰোগ ধৰা পৰিলে বহু নিয়ম মানি চলিব লগীয়া হয় । বিশেষকৈ খোৱা লোৱাৰ ক্ষেত্ৰত যথেষ্ট সাৱধনতা অৱলম্বন কৰিব লাগে ৷ যেতিয়া তেজত শর্কৰাৰ মাত্ৰা বৃদ্ধি হ’বলৈ আৰম্ভ কৰে তেতিয়া সকলো খাদ্য ইচ্ছামতে খোৱা সম্ভৱ নহয়। মিঠাইৰ লগতে বাহিৰৰ পৰা অনা প্ৰচেছড খাদ্য খোৱাৰ পৰা বিৰত থাকক। খাদ্য খোৱাৰ ক্ষেত্ৰত নিয়ম মানি নচলিলে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাটো সহজ নহয়। কিন্তু যি বেমাৰেই নহওক কিয়, চিকিৎসকে নিয়মিতভাৱে ফলমূল খাবলৈ পৰামর্শ দিয়ে ৷ স্বাস্থ্যৰ বাবে উপকাৰী বিভিন্ন মৌল যেনে ভিটামিন, এন্টি অক্সিডেন্ট, আঁহ আদি ফলৰ পৰা পোৱা যায় । ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা আৰম্ভ কৰি শৰীৰ সুস্থ ৰখালৈকে ফলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে নিয়মীয়াকৈ ফল-মূল সেৱন কৰিলে ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। কিন্তু ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত ফল-মূল খোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ। তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হ’লে সকলো ফল খাব নোৱাৰি। কিছুমান ফলত ফ্ৰুক্ট’জৰ পৰিমাণ বেছি থাকে ৷ যিয়ে তেজত শর্কৰাৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।
ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে গ্লাইচেমিক ইনডেক্স (GI) বেছি থকা খাদ্য খোৱাত চিকিৎসকে নিষেধাজ্ঞা আৰোপ কৰে। কিছুমান ফলৰ জি আই অতি উচ্চ। গতিকে সেই ফলবোৰ ডায়েবেটিছ হ’লে একেবাৰে খাব নোৱাৰি। কিছুমান ফলত জি আই কম পৰিমানে থাকে। যিসমূহ ডায়েবেটিছ ৰোগীয়ে মুক্তভাৱে খাব পাৰে।
ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে ফল খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে। ফল-মূল খোৱাৰ উপৰিও কিমান খাব সেয়াও অতি গুৰুত্বপূৰ্ণ। যিহেতু গ্লাইচেমিক ইনডেক্স কম, গতিকে একেলগে বেছিকৈ খাব নালাগে। ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে প্ৰতিদিনে ১০০-১৫০ গ্ৰামতকৈ বেছি ফল খাব নালাগে বুলি চিকিৎসকে পৰামর্শ প্ৰদান কৰে । জি আই বেছি হওক বা নহওক, ফল কমকৈ খোৱা ভাল। কিছুমান ফল আছে, যিবোৰ ডায়েবেটিছ ৰোগীয়ে খাব পাৰে। লগতে কিছুমান ফল ডায়েবেটিছ ৰোগীৰ বাবে বিপদজনক হৈ উঠিব পাৰে।
ডায়েবেটিছ ৰোগীয়ে কোনবোৰ ফল খাব পাৰে?
আপেল, মধুৰিআম, কমলা, অমিতা, তৰমুজ – এই পাঁচটা ফল ডায়েবেটিছ ৰোগীয়ে খাব পাৰে। এই ফলসমূহত চৰ্বিৰ পৰিমাণ অতি কম । লগতে কেলৰি আৰু ছডিয়াম অতি কম পৰিমানে থাকে । আনহাতে ভিটামিন চি, পটাছিয়াম, আঁহৰ পৰিমাণো অতি বেছি। যিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে।
কি কি ফল পৰিহাৰ কৰিব লাগে?
আম,, কঁঠাল, কল, আঙুৰ আদিৰ দৰে – এই ফলবোৰে শর্কৰাৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। এই ফলসমূহৰ গ্লাইচেমিক সূচাংক বহুত বেছি। ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে এনে ফল পৰিহাৰ নকৰিব ৷