VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মাইগ্ৰেইনৰ সমস্যা আছে নেকি? গ্ৰীষ্মকালত কোনো ৭টা নিয়ম মানি নললে বিষ বাঢ়িব?

voicedesk by voicedesk
May 19, 2023
in জীৱন
মাইগ্ৰেইনৰ সমস্যা আছে নেকি? গ্ৰীষ্মকালত কোনো ৭টা নিয়ম মানি নললে বিষ বাঢ়িব?
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

 

অত্যধিক গৰম, তীব্ৰ সূৰ্যৰ পোহৰে মাইগ্ৰেইন (মূৰৰ বিষ)ৰ সমস্যা আৰু অধিক ভয়াৱহ কৰি তোলে। যিসকলে প্ৰতিদিনে ৰ’দত ওলাই যাবলগীয়া হয় তেওঁলোকৰ মাইগ্ৰেইনৰ প্ৰৱণতা বেছি। তাৰ লগতে গৰমৰ বাবে টোপনিৰ অভাৱ, মানসিক চাপ বৃদ্ধি, পানীলগা আদিয়ে মাইগ্ৰেইনৰ সমস্যা অধিক গুৰুতৰ কৰি তোলে। ইয়াৰ বাহিৰেও শৰীৰত আইৰণ, মেগনেছিয়াম আৰু ভিটামিন ডিৰ অভাৱ হ’লেও মাইগ্ৰেইনৰ সমস্যা বাঢ়ি যায়।

 

ৰ’দৰ পৰা উভতি আহি মূৰৰ বিষ সহজে নাইকিয়া হৈ নাযায়, কিন্তু চকুৰ বিষ, ডিঙিৰ বিষ, বমি বমি ভাৱে অধিক অসহ্যকৰ কৰি তোলে। মাইগ্ৰেইনৰ চিকিৎসাৰ আটাইতকৈ উত্তম উপায় হ’ল মূৰৰ বিষৰ কাৰণ বিচাৰি উলিওৱা।  মূৰৰ বিষ হোৱা দিনবোৰৰ হিচাপ ৰাখক, সেই দিনবোৰত আপুনি কি খায়, ৰ’দত বেছি সময় কটায় নেকি সেইবোৰৰ হিচাপ ৰাখক।

 

জানি লওক, গৰমৰ দিনত মাইগ্ৰেইন কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব পাৰি?

 

১) শৰীৰত পানীৰ অভাৱ হ’বলৈ নিদিব

গ্ৰীষ্মৰ দিনত শৰীৰৰ ঘামৰ যোগেদি প্ৰচুৰ পৰিমাণে পানী হেৰুৱাই পেলায়। দিনটোত কমেও ডেৰ-দুই-তিনি লিটাৰ পানী খাব লাগিব। পানীৰ পৰিমাণ বেছি  থকা শাক-পাচলি আৰু ফল-মূল খাওক ৷ বাহিৰলৈ ওলাই যাওঁতে বেগত পানীৰ বটল এটা ৰাখিবলৈ নাপাহৰিব। বেয়া লাগিলে ছাঁত বহি অলপ অলপকৈ পানী খাব লাগে। কেতিয়াবা দৈ, লাচী, ফলৰ ৰস খাব পাৰে।

 

২) খাদ্যাভ্যাসৰ ওপৰত চকু ৰাখিব

খাদ্য পৰিৱৰ্তনৰ দ্বাৰা মাইগ্ৰেইন নিয়ন্ত্ৰণ কৰিব পাৰি। যিসকলৰ মাইগ্ৰেইন হৈছে তেওঁলোকে কফি, চকলেট, ৰেড ৱাইন, শুকান ফল, পনিৰ আদিও পৰিহাৰ কৰিব লাগে। বৰঞ্চ ফলমূল আৰু শাক-পাচলি বেছিকৈ খাব লাগে।

 

৩)টুপী আৰু ছানগ্লাছ ল’বলৈ নাপাহৰিব

ৰ’দৰ পৰা ৰক্ষা পাবলৈ টুপী আৰু ছানগ্লাছ ব্যৱহাৰ কৰিব লাগিব। চকুত পোনপটীয়া সূৰ্যৰ পোহৰ পৰিলে মাইগ্ৰেইনৰ বিষ বেছি  হয়। গতিকে সাৱধান হওক।

 

৪) এয়াৰ কণ্ডিচনাৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰা

ৰ’দৰ পৰা ঘৰলৈ উভতি আহোঁতে বহু লোকে গৰমৰ অস্বস্তি কমোৱাৰ বাবে এয়াৰ কণ্ডিচনাৰৰ উষ্ণতা অত্যধিকভাৱে কমাই দিয়ে। এই প্ৰথা একেবাৰে ভাল নহয়। এচিৰ উষ্ণতা ২৫ৰ পৰা ২৭ ডিগ্ৰীৰ ভিতৰত ৰখাটো ভাল। অন্যথা মাইগ্ৰেইনৰ বিষ বাঢ়িব পাৰে।

 

৫) উপযোগী তেল নিজৰ লগত ৰাখক

ইউকেলিপ্টাছ তেল, পদিনা তেলে মূৰত মালিচ কৰিলে মাইগ্ৰেইনৰ বিষৰ পৰা সকাহ পোৱা যায়। লগতে যিবোৰ লক্ষণ থাকে সেইবোৰো কমি যায়।

 

৬) খালী পেটত নাথাকিব

খালী পেটতো মাইগ্ৰেইনৰ বিষ বাঢ়ে। গৰমৰ দিনত বেছিকৈ খাবলৈ মন নাযায় যদিও লঘু খাদ্য বা গোটা ফল-মূল লগত ৰাখিব।

 

৭)চেনি খোৱাৰ পৰা বিৰত থাকক

অতিৰিক্ত চেনি থকা খাদ্য পৰিহাৰ কৰক। তেজত চেনিৰ মাত্ৰা বৃদ্ধি হ’লে মাইগ্ৰেইন হোৱাৰ সম্ভাৱনা বেছি। মাজে মাজে মিঠা কিবা এটা খাব পাৰে, কিন্তু কম পৰিমাণে।

Previous Post

২৬/১১ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড টাহাউৰ ৰানাক প্ৰত্যার্পন কৰা হ’ব ভাৰতলৈ,আমেৰিকাৰ আদালতৰ নিৰ্দেশ

Next Post

ৰিজিজুৰ বিদায়ৰ পিছত ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত সক্ৰিয় মোদী চৰকাৰ! কলেজিয়ামৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিলে ন্যায়াধীশ

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ৰিজিজুৰ বিদায়ৰ পিছত ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত সক্ৰিয় মোদী চৰকাৰ!  কলেজিয়ামৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিলে ন্যায়াধীশ

ৰিজিজুৰ বিদায়ৰ পিছত ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত সক্ৰিয় মোদী চৰকাৰ! কলেজিয়ামৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিলে ন্যায়াধীশ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7