আপুনি চখ হিচাপে হীৰা গহনা কিনিছে নেকি ? যদিহে কিনিছে তেনেহ’লে ইয়াৰ যত্নও ল’ব লাগিব ৷দৈনন্দিন পৰিধানত সোণ, ৰূপ বা মুকুতাৰ গহনা বহুতে পিন্ধে ৷ বিশেষ অনুষ্ঠানৰ বাবে হীৰাৰ গহনা বাছি লোৱা হয়। অৱশ্যে বহু মহিলাই এতিয়া ডিঙিত সৰু সৰু হীৰাৰ লকেট বা আঙুলিত হীৰাৰ আঙঠি পিন্ধে। কিন্তু সময়ৰ লগে লগে হীৰা গহনাবোৰৰ ওপৰত ঘাম আৰু মলি জমা হৈ পৰে। হীৰা আঙঠিৰ ভিতৰতো মলি জমা হয়। সোণ বা ৰূপৰ গহনা পৰিষ্কাৰ কৰা ধৰণে হীৰা গহনা পৰিষ্কাৰ কৰিব নালাগে। ইয়াৰ বাহিৰেও হীৰা জিলিকনি দীৰ্ঘদিন ধৰি ৰাখিবলৈ কি কৰিব লাগে জানি লওক।
১)ঘৰ চাফা কৰা বা ধূলি জোকাৰি থাকোঁতে হীৰাৰ গহনা পিন্ধিব নালাগে। পাকঘৰত কাম কৰি থাকোঁতে হীৰা আঙঠিটো খুলি ৰাখক। যদি খুলি নথয়, তেল, মছলা আৰু পানীয়ে গহনাবোৰৰ উজ্জ্বলতা নষ্ট কৰিব।
২) বাৰিষাৰ সময়ত যিকোনো ধাতুৰ গহনাত আৰ্দ্ৰতা জমা হয়। হীৰাৰ গহনা সদায় এটা সুকীয়া বাকচত ৰাখক। আন গহনাৰ লগত মিহলি নকৰিব। সেই বাকচটোত চিলিকা জেল দিব পাৰে, যিয়ে অতিৰিক্ত আৰ্দ্ৰতা শোষণ কৰিব।
৩) মুখ আৰু হাতত ক্ৰীম লগোৱাৰ সময়ত হীৰাৰ গহনা খুলি ৰাখিব লাগে। মেকআপৰ ক্ষেত্ৰতো একেই কথা। কাৰণ ক্ৰীম বা মেকআপত থকা ৰাসায়নিক পদাৰ্থই হীৰাৰ ৰং ম্লান কৰি পেলাব।
৪) বাহিৰলৈ ফুৰিবলৈ যোৱাৰ সময়ত যদি আপুনি সাগৰত গা ধুইছে তেন্তে প্ৰথমে হীৰা গহনা খুলি লওক। আনকি চুইমিং পুলত নামোতেও হীৰাৰ গহনা খুলি ৰাখক । সাগৰৰ নিমখীয়া পানী বা চুইমিং পুলৰ ক্ল’ৰিনেটেড পানীয়ে হীৰাৰ গহনাৰ উজ্জ্বলতা হ্ৰাস কৰিব পাৰে।
৫) হীৰা গহনা সদায় কোমল কাপোৰেৰে মেৰিয়াই থব লাগে। সূৰ্যৰ পোহৰ বেছি পৰা ঠাইত গহনা নাৰাখিব। হীৰাৰ গহনা তিতা, ভিজা ঠাইত ৰখাটোও ভাল নহয়।
৬) হীৰা গহনা চাফা কৰাৰ নিয়মো আছে। তৰল চাবোন মিহলি পৰিষ্কাৰ পানীত গহনা কেইঘণ্টামান তিয়াই থওক। ইয়াৰ পিছত পানীৰ পৰা আঁতৰাই কোমল কপাহী কাপোৰ বা ব্ৰাছেৰে অতি লাহে লাহে পৰিষ্কাৰ কৰক। সেইটোৱে মলিবোৰ আঁতৰাই পেলাব। গহনাবোৰ শুকুৱাই বাকচত থৈ দিব।
৭) হীৰা গহনা বেকিং চ’ডাৰেও চাফা কৰিব পাৰি। ১-২ চামুচ বেকিং চ’ডা ল’ব লাগে। অলপ পানীৰ লগত মিহলাই লওক। এইবাৰ সেই মিশ্ৰণত গহনা কেইঘণ্টামান ডুবাই ৰাখিব। ইয়াৰ পিছত ঠাণ্ডা পানীৰে ধুব। নতুনৰ দৰে গহনা জিলিকি উঠিব ৷