দাঁতৰ পৰম বন্ধু হ’ল মহানিম। নিয়মীয়াকৈ মহানিমৰ ডালেৰে দাঁত ঘঁহিলে দাঁতৰ আলু যথেষ্ট শক্তিশালী হয় আৰু দাঁতৰ আলুৰ লগতে দাঁতকো বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। দাঁতৰ ৰোগ নিৰাময়ৰ কাৰণে মহানিমৰ কেঁচা পাতৰ ৰসেৰে ৰাতিপুৱা মুখ কুলকুলিয়াব লাগে।নিয়মীয়াকৈ নিমপাত বা নিমৰ ডালেৰে দাঁত মাজিলে অকল দাঁতৰে নহয় মুখৰ ভিতৰত হোৱা বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে।
দাঁতৰ বিষ হ’লে মহানিমৰ পাত এমুঠি খুন্দি এগিলাচ পানীত সিজাই ঠাণ্ডা কৰি মুখ কুলকুলিয়ালে দাঁতৰ বিষ ভাল হয়।
দন্তক্ষয় ৰোগত মহানিমৰ পাত এমুঠি খুন্দি এগিলাচ পানীত সিজাই ঠাণ্ডা কৰি দিনত দুবাৰকৈ মুখ কুলকুলিয়ালে দন্তক্ষয় ৰোগ ভাল হয়।
মহানিমৰ পাতৰ ৰস ১০ চামুচ , গুলঞ্চৰ ৰস ৫ চামুচ , পটলৰ পাতৰ ৰস ৫ চামুচ , ত্ৰিফলাৰ গুড়া ৫ চামুচ মিহলি কৰি তাত সামান্য পানী মিশ্ৰণ কৰি দিনে দুবাৰকৈ মুখ কুলকুলিয়ালে দাঁত ক্ষয় হোৱা ৰোগ ভাল হয়।
চকুৰ ৰোগত মহানিমৰ পাতৰ ৰস ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।
চকু উঠা বা চকুৰ বিভিন্ন ৰোগত মহানিমৰ পাতৰ ৰস বা ছাল এৰুৱাই সেই ছাল নিম তেলত জুবুৰিয়াই নিমতেলৰ চাকিৰ জুইত পুৰিলে যি ছাই ওলায় সেই ছাই নিমৰ তেলত সানি চকুৰ পতাত কাজল হিচাপে লগালে চকু উঠা বা চকুৰ আন আন ৰোগ ভাল হয়। মহানিমৰ ফুলে কুকুৰীকণা ভাল কৰিব পাৰে। চকুযুৰি আমাৰ বহুত সংবেদনশীল। চকুৰ ৰোগত আমি ডক্টৰৰ পৰামৰ্শ লোৱা উচিত।