আপেল সকলোৰে প্ৰিয় । সৰু -ডাঙৰ সকলোৰে বাবে আপেল উপকাৰী। গ্ৰীক সকলে আপেলক যৌৱন সঞ্জীৱনী হিচাপে ব্যৱহাৰ কৰিছিল। বয়সস্থ লোকৰ যেতিয়া সিৰা-উপসিৰাবোৰ জঠৰ হয় বা সিৰা উপসিৰাবোৰ টানি ধৰা যেন অনুভৱ হয় তেতিয়া আপেল এটা চোবাই বা তাৰ ৰস উলিয়াই সদায় খোৱা অভ্যাস কৰিলে জঠৰ হোৱা ভাৱ দূৰ হয়।
আপেলত যথেষ্ট পৰিমাণে লৌহ জাতীয় খনিজ পদাৰ্থ পোৱা যায়। আপেলত পোৱা খনিজ পদাৰ্থই আমাৰ দেহত হিম’গ্লবিন বৃদ্ধি হোৱাত সহায় কৰে। অকল এয়ে নহয় আপেলে আন খাদ্য দ্ৰব্যৰ পৰা পোৱা খনিজ পদাৰ্থ দেহে সহজে গ্ৰহণ কৰাত সহায় কৰে। ভাত খোৱাৰ পিছত সদায় এটাকৈ আপেল খালে যথেষ্ট উপকাৰ পোৱা যায়।
আপেলৰ ৰস খালী পেটত খালে যকৃতৰ পৰা ওলোৱা অলাগতিয়াল পিত্ত ৰস শৰীৰৰ পৰা বাহিৰ কৰি দিয়াত সহায় কৰে।
হৃদৰোগীৰ বাবে আপেল অতি উপকাৰী ফল। হৃদৰোগৰ মূল কাৰক কলেষ্টেৰল বা অন্য অদৰকাৰী উপাদান দেহৰ পৰা আপেলে বাহিৰ কৰি হৃদযন্ত্ৰ সুস্থ অৱস্থাত ৰখাত সহায় কৰিব পাৰে।