তিতালাউ
ইংৰাজী নাম ঃ Bitter Bottle Gourd.
বৈজ্ঞানিক নাম ঃ Lagenaria Siceraria (MOL)
Standi , Syn -Curcurbita Siecararia Rolina
লতা জাতীয় উদ্ভিদ , কাণ্ড পাঁচকোণীয়া । পাত সৰল , বহল আৰু পাত পাঁচটা খণ্ডত বিভক্ত। পাতৰ ঠাৰি দীঘল , ফুল ডাঙৰ বগা বৰণৰ , ফল ডাঙৰ , সেউজীয়া , হালধীয়া , মুগা বৰণৰ। বীজ বহুত বগা আৰু সৰু সৰু বগা শুং থাকে। তিতা লাউৰো আছে বহুত ঔষধি গুণ—
১) গোটেই গছজোপাই ঔষধত ব্যৱহাৰ হয়।
২) তিতা লাউৰ শিপা কোষ্ঠকাঠিন্য আৰু জ্বলন -পোৰণত উপকাৰী।
৩) তিতা লাউৰ পাত তিতা হয়। এই পাত খালে কফ বাহিৰ হয়।
৪) কাহ , ব্ৰংকাইটিছ , হাওঁফাওঁ জ্বৰ আদিৰ বাবে তিতালাউ উপকাৰী।
৫) কুষ্ঠৰোগ , ছালৰ ৰোগ , জণ্ডিচ , দন্তক্ষয় , পেটফুলা আৰু টপা ৰোগত ঔষধ হিচাপে ব্যৱহাৰ হয়।
৬) তিতালাউৰ ফুল শীতল কাৰক আৰু ই অপথেলমীয়া ৰোগত ব্যৱহাৰ কৰা হয়।
৭) তিতালাউ খালে ভৰিৰ জ্বলন – পোৰণ , কুষ্ঠ আৰু কুকুৰীকণা ৰোগ ভাল হয়।
৮) তিতালাউ শীতল হোৱা বাবে জ্বৰ আৰু শৰীৰৰ উখহা নাশ কৰে।