ক’লা হালধি প্ৰায় ১২০ ছেণ্টিমিটাৰ দীঘল হয়। মৃদ্গত কাণ্ড পাতল হালধীয়া । ফুল হালধীয়া । জুলাইৰ পৰা ছেপ্তেম্বৰ মাহৰ ভিতৰত ফুল আৰু ফল ধৰে। ফুলৰ ৰং ৰঙা।
ইংৰাজী নাম :- Zedoary/Round Zedoury
বৈজ্ঞানিক নাম :- Curcuma Zedoaria (Christon) Rose
ক’লা হালধিৰো আছে বহুত ঔষধি গুণ :-
১) ক’লা হালধিৰ কাণ্ড আৰু পাত ঔষধত ব্যৱহাৰ কৰা হয়।
২) ক’লা হালধি পিত্তনাশক। ক’লা হালধি খালে ভোক বাঢ়ে।
৩) ক’লা হালধি ছালৰ ৰোগত উপকাৰী। ঘা শুকৱাত সহায় কৰে।
৪) ক’লা হালধিৰ ৰস কৰি চাৰি চামুচত এক চামুচ মৌ আৰু আধা চামুচ ডালচেনি গুড়া মিহলি কৰি খালে পানী লগা আৰু জ্বৰ ভাল হয়।
৫) ছালৰ বগা পৰা দাগত ক’লা হালধি উপকাৰী।
৬) ক’লা হালধিৰ ক্কাথ কৰি খালে মুখৰ দুৰ্গন্ধ নোহোৱা হয়।
৭) কেঁচুমূৰীয়া , ব্ৰংকাইটিচ , এজমা , টিউমাৰ , কৰ্কট ৰোগৰ বাবে ক’লা হালধি উপকাৰী।
৮) ক’লা হালধীয়ে ছালৰ এলাৰ্জী ভাল কৰিব পাৰে আৰু ছালৰ খজুৱতি নোহোৱা কৰে।
৯) ক’লা হালধিৰ ৰস খালে তেজ পৰিষ্কাৰ হয়।
১০) ক’লা হালধি কীটানু আৰু ভেকুৰনাশক।