ভাৰত বৰ্ষত মধুমেহ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা আটাইতকৈ বেছি। জিনগত বা জীৱন-ধাৰণৰ প্ৰণালীৰ বাবে মধুমেহ ৰোগীৰ সংখ্যা বেছি হৈছে বুলি ভাবিব পাৰি। মধুমেহ ৰোগীয়ে খাদ্য বাচি বাচি খাব লগা হয়। মধুমেহ ৰোগীয়ে কেনেধৰণৰ খাদ্য খালে উপকাৰ হয় জানো আহক-
১) আখৰোটে গ্লুকজৰ মেটাবলিজম বঢ়োৱাত সহায় কৰে। ইয়াৰ উপৰিও তাৰ প্ৰভাৱত শৰীৰত ক’লেষ্টেৰল মাত্ৰাও নিয়ন্ত্ৰণত থাকে।
২) সতেজ শাক-পাচলিত ভিটামিন , খনিজ আদি উপাদান বোৰ প্ৰচুৰ পৰিমাণে থাকে। পালেং , বন্ধাকবি , ব্ৰকলি আদিয়ে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। মধুমেহ ৰোগীয়ে শাক-পাচলিৰ ৰস খাব পাৰে। আনহাতে এই পাচলি সিদ্ধ কৰি বা চালাড বনাই খাব পাৰে।
৩) কমলা , আঙুৰ , নেমু জাতীয় ফলবোৰত এণ্টিঅক্সিডেণ্ট , খনিজ আৰু ভিটামিন বহুত পৰিমাণে থাকে। এনেবোৰ ফল মধুমেহ ৰোগীয়ে খোৱা অতি আৱশ্যকীয়।
৪) মধুমেহ ৰোগত ভোগা ব্যক্তিয়ে ব্লুবেৰী , ষ্ট্ৰবেৰী , ব্লেকবেৰী আদিও খাব পাৰে। এই ফল বোৰত এণ্টিঅক্সিডেণ্ট , ফাইবাৰ , খনিজ আৰু ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়।
৫) মেথি মধুমেহ ৰোগীৰ বাবে অতি উপকাৰী। আনহাতে মেথিয়ে পাচন ক্ৰিয়া নিয়ন্ত্ৰণ কৰাতো সহায়ক হয়।
৬) কেৰেলা দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত ভুগি থকা ৰোগীৰ বাবে অতি উপকাৰী।