লোক পাচলি বন্ধাকবি শীত কালত হোৱা পাচলি ।পৃথিৱীৰ প্ৰায় সকলো ঠাইতে এইবিধ পাচলি উৎপন্ন হয়। শীত কালত সমতল ভূমিত আৰু পাহাৰীয়া শীত অঞ্চলত বাৰমাহে বন্ধাকবি উৎপাদন হয়। অসমত আঘোণ – পুহ মাহৰ পৰা বন্ধাকবি খাবৰ উপযোগী হয় আৰু ফাগুন চ’ত মাহলৈ খোৱাৰ উপযুক্ত হৈ থাকে।
জাপ জাপ সেউজীয়া পাতেৰে পৰিপূৰ্ণ বন্ধাকবি ভাজি বা তৰকাৰী হিচাপে ভাত-ৰুটিৰ লগত খোৱা হয়।ইয়াৰ বাহিৰেও কুমলীয়া পাতবোৰ চালাড ৰূপেও খাব পাৰি। বন্ধাকবিত শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰ’টিন , চৰ্বি , শৰ্কৰা , কেলছিয়াম আদি উপাদান আছে। আঁহযুক্ত এই পাচলিবিধে কোষ্ঠকাঠিন্যতা দূৰীকৰণ , মেদবহুলতা কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।বহুমূত্ৰ ৰোগীৰ বাবে এই পাচলি বিধ ঔষধৰ তুল্য হয়।ইয়াৰ উপৰিও বন্ধাকবিত আছে কৃমিনাশক গুণ ।
ছোৱালীৰ অনিয়মিত ঋতু নিয়মিত কৰাৰ বিশেষ গুণ।
বন্ধাকবিত প্ৰ’টিন , চৰ্বি , শৰ্কৰা , আাঁহ , কেলছিয়াম , ফছফৰাছ , আইৰণ , ভিটামিন এ , ভিটামিন বি আৰু ভিটামিন চি পোৱা যায়।
বতৰৰ এই পাচলিবিধ খাবলৈ সোৱাদ যুক্ত হোৱাৰ লগতে আছে বহতো ঔষধি গুণ। আমি খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ লগতে এইটোও জানিব লাগিব যে কিছুমান অসুখৰ কাৰণে বন্ধাকবি খোৱা উচিত নহয়। সেয়েহে ডক্টৰৰ পৰামৰ্শ মতে আমি বন্ধাকবি খোৱা উচিত।