কাজু বাদাম সকলোৰে প্ৰিয়। এই বাদামক ইংৰাজীত কোৱা হয় “Cashew nuts”। গ্ৰীষ্ম প্ৰধান অঞ্চলত এই বাদাম বেছিকৈ উৎপাদন কৰা হয়। কাজুবাদামক শুকান ফলৰ ৰজা বুলিও কোৱা হয়।কাজু বাদামৰ বহুতো পুষ্টি আৰু ঔষধি গুণ আছে। এই শুকান ফলবিধত শৰীৰৰ বাবে উপকাৰী বহুতো উপাদান যেনে -ভিটামিন আইৰন,ক’পাৰ,কেলচিয়াম,পটেচিয়াম,মেগনেচিয়াম,চিলিয়াম,মেংগানীজ,জিংক,ফাইবাৰ ,কেলৰী ,খনিজ ধাতব লবন , স্নেহ পদাৰ্থ আদি পোৱা যায়।
কাজু বাদামৰ কিছুমান উপকাৰিতা হ’ল-
- কাজু বাদামত থকা উচ্চ মেগনেছিয়াম উপাদানৰ বাবে তেজৰ অতিমাত্ৰা বাঢ়ি অহা কলেষ্টলৰ পৰিমাণ হ্ৰাস তথা নিয়ন্ত্ৰণ হয়। দুৰ্বল,ৰুগীয়া বা নিৰোগী লোকৰ গাত বলশক্তি বঢ়ায় ,পাচনতন্ত্ৰ সৱল হয়, হজম শক্তি ,অজীৰ্ণ,অভোক দুৰ হয়,লিভাৰ আৰু কিডনী সৱল হয় আৰু পেটৰ নানা সমস্যা দুৰ হয় ।
- কাজু বাদামে দেহৰ ওজন স্বাভাৱিক কৰাত সহায় কৰে। শৰীৰত বাঢ়ি অহা চৰ্বিক নিয়ন্ত্ৰণ কৰিবলৈ কাজু বাদামে যথেষ্ট সহায় কৰে যদিও ওজন কমোৱাৰ ক্ষেত্ৰত ইয়াক কেতিয়া আৰু কিমান পৰিমাণৰ খাব লাগে তাক ভালদৰে জনাটো প্ৰয়োজন । আনহাতে কাজুবাদামত থকা প্ৰটিন আৰু ভিটামিনৰ বাবে হজম শক্তি ঠিকে থাকে আৰু ই ভোক নিয়ন্ত্ৰণ কৰি ৰাখে ৷ হজম প্ৰক্ৰিয়া সুস্থিৰ হৈ থাকিলে কম ওজনৰ লোকক ওজন বঢ়োৱা আৰু বেছি ওজনৰ লোকৰ ওজন হ্ৰাস কৰাত সহায়ক হয়।
- গৰ্ভৱৰ্তী মহিলাৰ নিয়মীয়াকৈ কাজু বাদাম খালে শাৰীৰিক আৰু মানসিক ভাবে সুস্থ, সবল হৈ থাকে। আনহাতে শিশুক পুৱা গাখীৰৰ লগত কাজু বাদাম খাবলৈ দিলে ভোক বঢ়াই আৰু শৰীৰ শক্তিশালী কৰি ৰাখে ৷ দিনে ২-৪ টাকৈ গাখীৰ সহ নিতৌ খুৱালে স্বাস্থ্য সুৰক্ষিত হোৱাৰ লগতে পঢ়াত মনোযোগ বৃদ্ধি হয় ।
- কাজু খালে চুলিৰ সৌন্দৰ্য বাঢ়ে ,গাৰ চাল সুন্দৰ আৰু মসৃণ হয় । দাঁত আৰু দাঁতৰ আলু মজবুত হয় ।হাড়ৰ গঠন সুদৃঢ় হয় , হাড়ৰ বিষ বেদনা নিৰাময় হয়।
- কাজু নিয়মিত সঠিক মাত্ৰাত খালে সুস্বাস্থ্যৰ বাবে টনিক বা ভিটামিন খোৱাৰ দৰে হয় লগতে সকলো বয়সৰ লোকৰ দেহগঠন আৰু নানা প্ৰকাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে এই শুকান ফলবিধে।ইয়াৰ উপৰিও কাজুৱে মগজুৰ কোষ সুস্থ কৰায়, স্মৃতিশক্তি বঢ়ায় , ভাগৰ, দুঃচিন্তা ,অৱসাদ আতৰায়।
কাজুৰ কিছুমান অপকাৰিতাও আছে –
- কাজু অধিক মাত্ৰাত খালে পেটৰ অসুখ, হাগনী আদিৰ লগতে নানা পাৰ্শ্বক্ৰিয়া হ’ব পাৰে।
- মাইগ্ৰেইন পেইন অথবা ঘনাই মুৰৰ বিষ হোৱা লোকে এই ফল খোৱা উচিত নহয়।
- কাজুয়ে দেহৰ উত্তাপ বৃদ্ধি কৰায় । সেয়ে অতি গৰমৰ বতৰত কাজু খাব নালাগে। ।
- কোনো বিশেষ ৰোগৰ চিকিৎসা কৰি থকা বা ঔষধ খাই থকা ৰোগীয়ে ডাক্তৰৰ পৰামৰ্শমতেহে কাজু খোৱা উচিত।