ফুলকবি শীতকালীন লোক – পাচলি। অসমত কাতি-আঘোণ মাহৰ পৰাই ফুলকবি বজাৰত পোৱা যায় যদিও এই পাচলিবিধ বসন্ত কাল পৰ্যন্ত থাকে। পাহাৰীয়া শীতল ঠাই সমূহত বছৰৰ বাৰমাহে বিভিন্ন জাতৰ ফুলকবি উৎপাদন হয়।
ফুলকবিৰ ধুনীয়া বগা ফুলটোকেই পাচলি হিচাপে ব্যৱহাৰ কৰা হয়। আজিকালি বজাৰত সেউজীয়া ফুলকবিও পোৱা যায়। ফুলকবিৰ কোমল পাত-ডালবোৰো সিদ্ধ কৰি তৰকাৰী কৰি খাব পাৰি।ফুলকবি যথেষ্ট পুষ্টিকৰ পাচলি। ভিটামিন এ আৰু চি থকা বাবে ফুলকবি চৰ্মৰোগ , কুকুৰীকণা ৰোগত ভোগা ৰোগী সকলৰ বাবে ভাল পথ্যৰ কাম কৰে।
ফুলকবিত আছে কৃমিনাশক গুণ আৰু দৈহিক পুষ্টিৰ উপাদান। ধাতু দুৰ্বল আৰু স্বপ্নদোষত ভোগা সকলৰ বাবেও ফুলকবিৰ তৰকাৰী , জুচ অতি উপকাৰী। জৈৱিক সাৰ দি উৎপাদন কৰা ফুলকবিহে পাচলি হিচাপে খাব লাগে। ৰাসায়নিক দ্ৰব্য দি উৎপাদন কৰা কবি নিমখ পানীৰে ভালদৰে ধুই , নিমখ পানীত সিজাই তাৰ পাছত হে তৰকাৰী কৰি খোৱা উচিত। ফুলকবি আলুৰ সৈতে ভাজি বা ফুলকবি , বিলাহীৰ সৈতে মাছৰ তৰকাৰী খনৰ সোৱাদেই সুকীয়া।
প্ৰ’টিন , ফছফৰাছ , চৰ্বি , কেলছিয়াম , আইৰণ , পটাছিয়াম , ভিটামিন এ , ভিটামিন বি-১ , ভিটামিন বি-২ আৰু ভিটামিন চি ফুলকবিত পোৱা যায়।