চিৰতা তিনিৰ পৰা চাৰি ফুট ওখ জোপোহা জাতীয় উদ্ভিদ। চিৰতাৰ সোৱাদ তিতা।
ইংৰাজী নাম ঃ Chretta
বৈজ্ঞানিক নাম ঃ Swertia Chiryita
চিৰতাৰ পাত আৰু ঠাৰি কেঁচা বা শুকান অৱস্থাত মেলেৰিয়া আৰু অন্যান্য জ্বৰত ব্যৱহাৰ কৰি সুফল পাব পাৰি। চিৰতাৰ ঠাৰিবোৰ শুকুৱাই থৈ দিব লাগে। শুকুৱা ঠাৰিবোৰ ভালকৈ ধুই বিশুদ্ধ পানীত তিয়াই থৈ ৰাতিপুৱা শুই উঠি সেই পানী খাব লাগে। চিৰতাত বহুতো ঔষধি গুণ আছে , জানো আহকচোন-
১) চিৰতা খালে ছালৰ ৰোগ ভাল হয় আৰু কৃমি নোহোৱা হয়।
২) চিৰতা খালে যকৃত শক্তিশালী হয়।
৩) চিৰতাই তেজ শোধন কৰে।
৪) বহুমূত্ৰ ৰোগীৰ কাৰণে চিৰতা মহৌষধ।
৫) বেচু আৰু হাঁপানি ৰোগত চিৰতা উপকাৰী।
৬) চিৰতা খালে হজম শক্তি বাঢ়ে আৰু চিৰতাই আমাৰ ভোক বঢ়ায়।
৭) চিৰতা মৌৰ লগত মিহলাই খালে পানীলগা , ইনফ্লুয়েঞ্জা ভাল হয়।
৮) গৰম পানীৰ লগত চিৰতা খালে বমি বন্ধ হয়।
৯) চিৰতাৰ পানীৰে পুৰণি ঘা ধুলে সহজে শুকায়।
১০) চিৰতা মেলেৰিয়া জ্বৰৰ পতিষেধক হিচাপে কাম কৰে।