ডালচেনি
ইংৰাজী নাম ঃ Cinnamon Tree
বৈজ্ঞানিক নাম ঃ Cinnamomum Verun
ডালচেনি চিৰসেউজীয়া উদ্ভিদ। পাত বহল ডাঠ।পাত উজ্বল সেউজীয়া। কুমলীয়া পাতৰ ৰং ৰঙচুৱা। ফুল থোপা বান্ধি ফুলে। ফুলৰ ৰং গুলপীয়া । ডালচেনি কটাৰ উপযুক্ত সময় হ’ল মে’ , আগষ্ট মাহ। বাকলি বিলাক ৰ’দত শুকুৱাই ল’ব লাগে। শুকান বাকলিহে মচলা আৰু ঔষধ হিচাপে ব্যৱহাৰ হয়।ডালচেনিৰ পাত তেজপাতৰ দৰে খাব পাৰি।ডালচেনি সুগন্ধিদায়ক।
সুগন্ধি ডালচেনি মচলা হিচাপে ব্যৱহাৰ কৰা হয় যদিও ডালচেনিৰ আছে বহুত ওষধি গুণ-
১) ডালচেনিৰ পৰা চিন্নামল তেল বাহিৰ কৰা হয়।
২) খাদ্য আৰু ঔষধ প্ৰস্তুত কৰোতে ডালচেনি তেল ব্যৱহাৰ কৰা হয়।
৩) ডালচেনি গছৰ বাকলিৰ পৰা প্ৰস্তুত কৰা তেলে দাঁতৰ বিষ , মূৰৰ বিষ , বাতবিষ , বমি বমি ভাব আদি দূৰ কৰিব পাৰে।
৪) ডালচেনি তেল পেটৰ বিষ , বায়ুৰোগ , পেটচলা ৰোগনাশক।
৫) ডালচেনি বহুমূত্ৰ ৰোগীৰ কাৰণে উপকাৰী।
৬) ডালচেনি গুড়া মৌৰ লগত খালে যৌন শক্তি অটুত থাকে।