ইংৰাজী নাম :- Cinnamon Tree
বৈজ্ঞানিক নাম :- Cinnomomun Verun
ডালচেনি চিৰ সেউজীয়া উদ্ভিদ। গছ ৬/৮ ফুট পৰ্যন্ত ওখ হয়। পাত বহল ডাঠ। ডালচেনি কটাৰ উপযুক্ত সময় হ’ল মে’ , আগষ্ট মাহ। বাকলি বিলাক ছাঁত শুকুৱাই আৰু তাৰ পাছত চাৰিদিন মান ৰ’দত শুকুৱাই ল’ব লাগে। শুকান বাকলিহে মছলা আৰু ঔষধ হিচাপে ব্যৱহাৰ হয়। ডালচেনিৰ পাত তেজ পাতৰ দৰে খাব পাৰি। ডালচেনি সুগন্ধিদায়ক। সকলোৰে পাকঘৰত ডালচেনি থাকেই। আমি বিভিন্ন ৰন্ধা বস্তুত ডালচেনি ব্যৱহাৰ কৰোঁ। এই সুগন্ধি যুক্ত ডালচেনিৰ আছে বহুতো ঔষধি গুণ , জানো আহক-
১) ডালচেনিৰ পৰা চিন্নামন তেল বাহিৰ কৰা হয়।
২) খাদ্য আৰু ঔষধ প্ৰস্তুত কৰোতে ডালচেনি তেল ব্যৱহাৰ কৰা হয়।
৩) ডালচেনি গছৰ বাকলিৰ পৰা প্ৰস্তুত কৰা তেলে দাঁতৰ বিষ , মূৰৰ বিষ , বাতবিষ , বমি বমি ভাব দূৰ কৰিব পাৰে।
৪) ডালচেনিৰ তেল পেটৰ বিষ , বায়ুৰোগ , পেটচলা আদি ৰোগৰ বাবে উপকাৰী।
৫) বহুমূত্ৰ ৰোগীৰ বাবে ডালচেনি উপকাৰী।
৭) ডালচেনিৰ গুড়া মৌৰ লগত খালে যৌনশক্তি বৃদ্ধ বয়সলৈকে অটুট থাকে।