খেজুৰী
ইংৰাজী নামঃ — Date Palm
বৈজ্ঞানিক নামঃ– Phoenix Sylvestrisroxb
খেজুৰ বহুবৰ্ষজীৱি জালবিহীন এবিধ ওখ গছ। ফল থোপা থোপে লাগে , ফল কেঁচা অৱস্থাত প্ৰায় কমলা ৰঙৰ। পকিলে ৰঙা আৰু হালধীয়া হয়। গছৰ পৰা এবিধ ৰস উলিওৱা হয় , ইয়াক টাৰি বুলি কোৱা হয়। টাৰিৰ পৰাও গুড় প্ৰস্তুত কৰা হয়। ফলৰ গুটিটো অতি টান হয়। খেজুৰ খাবলৈ সোৱাদ যুক্ত হোৱাৰ উপৰিও বহুত ঔষধি গুণেৰে পৰিপূৰ্ণ-
১) খেজুৰৰ ৰস খালে বাতবিষ , কফ , কাঁহ আদি ৰোগ ভাল হয়।
২) হৃদযন্ত্ৰ দৌৰ্বল্য , মস্তিষ্ক দৌৰ্বল্য , মূৰ্ছা যোৱা আদি ৰোগৰ বাবে খেজুৰৰ ৰস উপকাৰী।
৩) খেজুৰ খালে তেজ বৃদ্ধি হয় আৰু শৰীৰৰ দুৰ্বলতা নোহোৱা হয়।
৪) খেজুৰৰ টাৰিৰ লগত মিছিৰি মিহলি কৰি খালে প্ৰস্ৰাৱৰ ৰোগ ভাল হয়।
৫) পকা খেজুৰৰ মাজৰ অংশ আৰু নেমুৰ ৰসৰ লগত নিমখ মিহলাই চাটনি কৰি ভাতৰ লগত খালে অৰুচি -অভোক নিৰাময় হয়।
৬) খেজুৰৰ গুটি জুইত পুৰি গুড়ি কৰি চেকিলৈ ঘাত লগালে ঘা সহজে শুকায়।
৭) খেজুৰ খালে চকুৰ দৃষ্টি শক্তি বাঢ়ে।
৮) খেজুৰৰ ৰসে ৰোগ প্ৰতিৰোধৰ কাম কৰে।