মিথি শাক বহুত ঔষধি গুণেৰে ভৰপুৰ।
ইংৰাজী নাম ঃ Fenugreek
বৈজ্ঞানিক নাম ঃTrionella Foenum Gracum Linn
জোপোহা জাতীয় গছ মিথি শাক। গা-গছ সৰু আৰু গোলাকাৰ।পাতৰ ঠাৰিত তিনিখন কৈ পাত লগ লাগি থাকে।পাত চোবাই খালে অলপ টেঙা লাগে।
(১) মিথি গুটিয়ে শুক্ৰ বৃদ্ধি কৰাত সহায় কৰে।
(২) মিথি শাক আৰু বীজ জুয়ে পোৰা , বাত বিষ , জণ্ডিচ ,গ্ৰহণী , পেটচলা আদি নিৰাময় কৰে।
(৩) গা বিষ , ডিঙিৰ বিষ , সৰু আই , ৰক্তহীনতা , আভোক , কৃমি আৰু জ্বৰ আদিত মিথি শাক উপকাৰী।
(৪) মিথি শাক খালে গাৰ ছাল নিমজ হয়।
(৫) মিথিয়ে মুখৰ দুৰ্গন্ধ নাশ কৰে।
(৬) মিথিৰ গুড়া লগালে মুখৰ দাগ নাইকীয়া হয়।
(৭) বহুমূত্ৰ ৰোগত মিথি খুবেই উপকাৰী।
(৮) শৰীৰ উখহা ৰোগ , মুখৰ ঘা মিথিয়ে ভাল কৰিব পাৰে।
(৯) ঋতুস্ৰাৱৰ সময়ত মহিলা সকলে অধিক পৰিমানে মিথি শাক খাব নালাগে।
(১০) ঋতুস্ৰাৱৰ সময়ত বেছিকৈ মিথি খালে ৰক্তস্ৰাৱ বেছি হ’ব পাৰে।