অমৰা টেঙা আৰু সুগন্ধিদায়ক। পকিলে সোৱাদ হয়।ইংৰাজী নাম ঃ Hog Plum
বৈজ্ঞানিক নাম ঃ Spondias mangi
পকা অমৰা অতি শক্তিদায়ক । অমৰা টেঙাৰো আছে বহুত ঔষধি গুণ-
১) অমৰা গছৰ ছালৰ ৰস আৰু ছাগলী গাখীৰ মিহলি কৰি গ্ৰহণী হোৱা ৰোগীক খাবলৈ দিলে গ্ৰহণী ৰোগ ভাল হয়।
২) ভৰিৰ আঙুলিৰ মাজত পানীয়ে খালে অমৰা এটা জুইত পুৰি বা ভালদৰে গৰম কৰি পানীয়ে খোৱা ঠাইত লগালে পানীয়ে খোৱা ৰোগ ভাল হয়।
৩) পকা অমৰাই যক্ষ্মা ৰোগ ভাল কৰে।
৪) অজীৰ্ণ ৰোগীৰ বাবে অমৰা সুপথ্য।
৫) অমৰা গছৰ পাত পিহি শুঙিলে নাকেদি তেজ ওলোৱা বন্ধ হয়।
৬) জুৱে পুৰি ঘা হলে তাত অমৰা গুটি বা পাত পিহি গাখীৰৰ লগত মিশ্ৰণ কৰি লগালে সুুফল পোৱা যায়।
৭) অমৰাই পানী লগা ৰোগ প্ৰতিৰোধ কৰে আৰু পেট পৰিষ্কাৰ কৰে।
৮) অমৰা গছৰ ছাল পানীত তিয়াই তাক খুন্দি তাৰ ৰস উলিয়াই খালে বা প্ৰলেপ দিলে বাত বিষ ভাল হয়।
৯) অমৰা গছৰ ছালৰ ৰস মৌৰ লগত মিহলি কৰি খালে অতিসাৰ ৰোগীয়ে আৰোগ্য লাভ কৰে।
১০) অমৰা খালে আমদোষ নোহোৱা হয়।