মছন্দৰী এবিধ শাক-বন জাতীয় উদ্ভিদ।
বৈজ্ঞানিক নাম :- Houttuynia cordata
মছন্দৰীৰ পাত মোহাৰি শুঙিলে কেঁচা মাছৰ দৰে গোন্ধ পোৱা যায়।সেয়ে ইয়াক ইংৰাজীত Fish mint বা Fish port বা Fish leaf আদি নামেৰে জনা যায়। বিটা মাইৰ’ছিন আৰু ২ – আনডেকানন নামৰ দুবিধ ৰাসায়নিক পদাৰ্থ থকা বাবে মছন্দৰীৰ কেছেমা- কেছেম গোন্ধ পোৱা যায়। মছন্দৰী এবিধ পুষ্টিকৰ খাদ্য। ইয়াৰ পাতত প্ৰধানকৈ প্ৰ’টিন , কাৰ্বহাইড্ৰেট, আঁহ আদিৰ লগতে আমাৰ শৰীৰৰ উপকাৰী পটাছিয়াম , কেলছিয়াম , আইৰন , জিংক , কপাৰ আদি থাকে। ইয়াৰ উপৰিও মছন্দৰীত ভিটামিন ‘এ’ আৰু ভিটামিন ‘চি’ থাকে।
১) মছন্দৰীয়ে হৃদপিণ্ডক ৰক্ষণাবেক্ষণ দিয়ে।
২) মছন্দৰীয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।
৩) মছন্দৰীয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰে।
৪) মছন্দৰী বিজানু নাশক। ইয়াত থকা ৰাসায়নিক পদাৰ্থই ভেঁকুৰ , বেক্টেৰিয়া আৰু ভাইৰাছ আদিৰ বিৰুদ্ধে যুঁজিব পাৰে।
৫) মছন্দৰী খালে আভোক , শৌচ খোলোছা নোহোৱা , বদহজম আদিৰ উপশম হয়।
৬) মছন্দৰীয়ে পেচাবৰ জ্বলা – পোৰা আৰু যকৃতৰ ৰোগো নিৰাময় কৰে।
৭) পেটৰবিষ , তেজ গ্ৰহণী , পেটৰ কামোৰণি আদিৰ ক্ষেত্ৰত মছন্দৰীয়ে মহৌষধৰ কাম কৰে।
৮) উশাহ লোৱাত কষ্ট হ’লে মছন্দৰী পাতৰ লগত জালুক , পিপলি আৰু নিমখ সানি পাতত দি খালে উশাহ স্বাভাৱিক হয় ।
৯) জ্বৰ , ব্ৰংকনিউমোনিয়া আদি ৰোগত মছন্দৰী উপকাৰী।
মছন্দৰী শাকৰ পাতৰ ৰস , পাত পুৰি কৰা পিটিকা বা মাছৰ লগত কৰা জোল হিচাপে আমি খাব পাৰোঁ। ঘৰতে খেতি কৰি বা ঠাই নাথাকিলে আমি টাবত ৰুই মছন্দৰী শাকবিধ খোৱা অভ্যাস কৰিলে বহুতো বেমাৰৰ পৰা উপকাৰ পাব পাৰোঁ।