প্ৰচুৰ পৰিমাণে ভিটামিন চি থকা এবিধ উত্তম ফল হ’ল আমলখি । ভিটামিন চি শৰীৰৰ বাবে বহুত উপকাৰী। আমলখিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সদায় ৰাতিপুৱা খালি পেটত আমলখি খালে শৰীৰ নিৰোগী হৈ থাকে। আমলখিয়ে শৰীৰটোক বহুতো বেমাৰৰ পৰা ৰক্ষা কৰে।
উল্লেখ্য যে অতি প্ৰাচীন কালৰে পৰাই আয়ুৰ্বেদিক ঔষধৰ ক্ষেত্ৰত ব্যৱহৃত হৈ আহিছে এই ফলবিধ। চৰ্দি , কাঁহ , জ্বৰৰ লগতে বিভিন্ন বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰাও ৰক্ষা কৰে আমলখিয়ে।
আমলখিৰ বহুতো উপকাৰিতা আছে। সেই বিষয়ে উল্লেখ কৰা হ’ল-
১) কম বয়সৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত বা সময়তকৈ আগতেই চকুত চানি পৰা ৰোগে দেখা দিলে এই ৰোগত আমলখি অতি উপকাৰী। ১ চামুচ মৌ আৰু আমলখিৰ গুড়ি মিশ্ৰণ কৰি খালে চকুৰ দৃষ্টিশক্তি ঠিকে থাকে।
২) মুখৰ ভিতৰত যদি ঘাঁ হয় তেন্তে এই সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ গৰম পানীৰ লগত ২ টেবুল চামুচ আমলখিৰ ৰস মিহলাই কুলি কুলি কৰিলে যথেষ্ট আৰাম পোৱা যায়।
৩) কেতিয়াবা হঠাৎ কোনো লোকৰ বমি বমি ভাৱ হয়। এনে সময়ত আমলখিৰ ৰসৰ লগত এটুকুৰা মিছিৰি মিহলাই খালে যথেষ্ট উপশম পোৱা যায়।
৪) আমলখিয়ে লিভাৰ পৰিষ্কাৰ কৰে। আমলখি খালে শৰীৰৰ দুষিত সকলো পদাৰ্থ মল হিচাপে বাহিৰ হয় । গতিকে এনে ক্ষেত্ৰত লিভাৰৰ লগতে পেটো পৰিষ্কাৰ হৈ থাকে।
৫) আমলখি খালে ক’লেষ্টেৰল নিয়ন্ত্ৰণত থাকে। আনকি হাঁপানিৰ সমস্যা কম কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা আছে এই ঔষধি ফলবিধৰ।
৬) আমলখিত থকা প্ৰ’টিন আৰু এমিন’ এচিডে চুলি সৰা কমোৱাৰ লগতে চুলিৰ গুৰি মজবুত কৰে।
আমলখি কিদৰে খোৱা উচিত –
ৰাতিপুৱা খালি পেটত আমলখিৰ ৰস খোৱা উচিত। এই ৰসৰ পৰিমাণ ১০ মিলিগ্ৰামতকৈ বেছি হ’ব নালাগে। আনহাতে আমলখি ৰ’দত শুকুৱায়ো বহুদিনলৈ সাঁচি ৰাখি খাব পাৰি । আমলখিৰ সৰু সৰু টুকুৰা কৰি , নিমখ ছটিয়াই শুকুৱাই থলে বহুত দিনলৈ ভাল হৈ থাকে। আনহাতে এই শুকুৱা আমলখি কাঁচৰ বটলত ৰাখিলে ভেঁকুৰি নাযায়।