প্ৰাকৃতিক গুণেৰে সমৃদ্ধ এবিধ সহজলভ্য ফল হৈছে নেমু । ৰোগ প্ৰতিৰোধ আৰু সৌন্দৰ্য্যচৰ্চাৰ ক্ষেত্ৰত নেমুৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। উল্লেখযোগ্য যে নেমুত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। নেমুত থকা ‘চি‘ ভিটামিনে শৰীৰৰ শ্ৰীবৃদ্ধিত যথেষ্ট অৰিহণা যোগায় । মানৱ দেহৰ উপযোগী ভিটামিন ‘এ’ আৰু ‘বি’, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, ছিলিকা ,কাৰ্বহাইড্ৰেট ,কেলচিয়াম , পটাছিয়াম , ক’পাৰ, থায়মিন, চাইট্ৰিক আৰু ফলিক এচিড আদিবোৰো নেমুত প্ৰচুৰ পৰিমাণে থাকে।
নেমুৰ কিছুমান ঔষধি গুণ আছে । এই গুণসমূহ হ’ল-
- প্ৰতিদিনৰ আহাৰত এডোখৰকৈ নেমু খালে শাৰীৰিক দুৰ্বলতা নাশ হয়।
- গৰমৰ দিনত মানৱ দেহৰ পৰা ঘামৰ লগত বহু পৰিমাণে খনিজ পদাৰ্থ বাহিৰ ওলাই যায় । নেমুৰ চৰবতে দেহত হ্ৰাস পোৱা খনিজ পদাৰ্থৰ অভাৱ পূৰণ কৰে।
- গৰমৰ দিনত বেছিকৈ ঘামিলে নেমুৰ চৰবতৰ লগত পদিনাৰ পাতৰ ৰস আৰু অকণমান ক’লা নিমখ মিশ্ৰণ কৰি খালে দেহত শক্তি পোৱা যায় ।
- পানী লগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়।
- ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল হোৱা , জণ্ডিচ আদি ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত নেমুৰ যথেষ্ট ঔষধি গুণ আছে।
- নেমুত থকা ভিটামিন ’চি’ য়ে ৰক্তহীনতাত ভোগা ব্যক্তিৰ দেহত হিম’গ্লবিন বৃদ্ধিত সহায় কৰে। আমিষভোজী লোকসকলে নিয়মীয়াকৈ নেমু খালে যকৃত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে।
- মূৰৰ বিষ আৰু মূৰ ঘূৰণি হ’লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে উপশম পোৱা যায়।
- দাঁতৰ ৰোগ প্ৰতিৰোধ, বদহজমী, বমি, কোষ্ঠকাঠিন্য আদি ৰোগ নিৰাময়ত নেমুৰ ভূমিকা অতুলনীয়।
- প্ৰতিদিনে পুৱা খালী পেটত এগিলাছ পানীৰ লগত এটা নেমুৰ ৰস মিশ্ৰণ কৰি খালে মেদবহুলতাৰ সমস্যা নাইকীয়া হয় ।
- নেমুৰ ৰসৰ লগত মৌ মিহলাই লগালে দেহৰ ক’লা দাগ নাইকিয়া হয় । চৰ্মৰোগতো নেমুৰ ৰস মিঠাতেল বা নাৰিকল তেলৰ লগত মিহলাই লগালে যথেষ্ট সুফল পোৱা যায়।
- দৈৰ লগত নেমুৰ ৰস মিহলাই মুখমণ্ডলত প্ৰলেপ দিলে মুখৰ সৌন্দৰ্য বৃদ্ধি হয় আৰু ছালখন শুকান হোৱাৰ পৰা ৰক্ষা পৰে। চকুৰ উজ্জ্বলতা বৃদ্ধি তথা চকুত ছানি পৰা ৰোগতো গোল নেমুৰ ৰস অতি উপকাৰী।
- সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোল নেমুৰ ৰস আৰু গুটি পিহি খুৱালে সুফল পোৱা যায় ।