অসমৰ সুগন্ধি গোলনেমু পৃথিৱীৰ কোনো দেশতেই বিচাৰি পোৱা নাযায়। সুগন্ধি গোলনেমুৱে সকলোকে আকৰ্ষণ কৰিব পাৰে। ফল গোলাকাৰ হয় । কেঁচাতে সেউজীয়া আৰু পকিলে হালধীয়া বৰণৰ হয়। গোল নেমু ৰসাল আৰু সুগন্ধিদায়ক হোৱাৰ লগতে বহুতো গুণেৰে সমৃদ্ধ –
১) গোলনেমুৰ গছৰ শিপাৰ পৰা আৰম্ভ কৰি ফল , ফুল , গুটি , পাত আদিৰ পৰা ঔষধ প্ৰস্তুত কৰিব পৰা যায়।
২) গোলনেমুৱে ছালৰ খহটা ৰোগ , পানী লগা , গ্ৰহণী , অজীৰ্ণ ,উফি , শালমইনা প্ৰতিৰোধ কৰিব পাৰে।
৩) গোল নেমুৱে তেজ গোটমৰা ক্ষমতা অটুট ৰাখে।
৪) গোলনেমুৱে উচ্চ ৰক্তচাপ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰে।
৫) গোল নেমু খালে অতিৰিক্ত চৰ্বি কমি যায়।
৬) নেমুৰ গুটিয়ে কৃমি নাশ কৰিব পাৰে।
৭) নেমুৰ পাত , শিপা আৰু গুটিয়ে মেলেৰীয়া ৰোগ ভাল কৰিব পাৰে।
৮) কীট-প্ৰতংগই কামুৰিলে , চকুত চামনি পৰা , দাঁতৰ ৰোগ , মুখৰ ঘা আদিত গোল নেমু উপকাৰী।
৯) গোলনেমুৱে জৰায়ুৰ হাড় আৰু মগজুৰ কোষ শক্তিশালী কৰাত সহায় কৰে।
১০) গোলনেমুৰ ৰস চুলিত সানিলে চুলিৰ সৌন্দৰ্য বাঢ়ে আৰু গাৰ দুৰ্গন্ধ নাইকীয়া হয়।