ৰাতিপুৱাৰ সময়খিনি সকলো বয়সৰ লোকৰ বাবেই উপকাৰী । ৰাতিপুৱা সোনকালে শুই উঠি, শৰীৰৰ বাবে প্ৰয়োজনীয় যোগাসন, ব্যায়াম আদি কৰি সুস্থ আহাৰ গ্ৰহণ কৰিব লাগে। পুৱাৰ এই সময়খিনি স্বাস্থ্যসন্মত ভাৱে পাৰ কৰিলে শৰীৰ নিৰোগী হৈ থাকে। আনহাতে কোনো লোকৰ গোটেই দিনটোৰ চালিকা শক্তি পুৱা গ্ৰহণ কৰা আহাৰৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে।
এনেবোৰ কাৰণতে সদায় পুৱা কোনো লোকে স্বাস্থ্যসন্মত তথা পুষ্টিকৰ আহাৰ খাবলৈ যত্ন কৰা উচিত। বিশেষকৈ শিশু আৰু প্ৰাপ্তবয়স্ক লোকসকলে ৰাতিপুৱা গাখীৰ খোৱাৰ অভ্যাস কৰা উচিত। গাখীৰ দেহৰ বাবে শক্তিবৰ্ধক। সদায় পুৱা ব্ৰেকফাষ্টৰ সময়ত গাখীৰৰ লগত খিচমিচ মিহলাই খালে যথেষ্ট উপকাৰ পোৱা যায়। প্ৰতিদিনে ৪ ৰ পৰা ৫ টা খিচমিচ গাখীৰত উতলায় খালে শৰীৰটো বহুতো গুৰুত্বৰ ৰোগৰ পৰা সুৰক্ষিত হৈ থাকে ।
খিচমিচ ঔষধি গুণেৰে সমৃদ্ধ। ৰোগ প্ৰতিৰোধ কৰাত ই অতি উপকাৰী। খিচমিচ গাখীৰৰ লগত খালে কেনেধৰণে উপকাৰ কৰে সেই বিষয়ে উল্লেখ কৰা হ’ল-
- খিচমিচ হাড়ৰ বাবে অত্যন্ত উপকাৰী। গাখীৰৰ লগত মিহলাই খালে ই কেলচিয়ামৰ পৰিমাণ বৃদ্ধি কৰি হাড় সুৰক্ষিত কৰে আৰু লগতে আৰ্থ্ৰাইটিছৰ দৰে সমস্যাৰ পৰা সুৰক্ষা দিয়ে।
- খিচমিচত উচিত পৰিমাণত বিটা কেৰোটিন পোৱা যায় যি চকুৰ বাবে অত্যন্ত উপকাৰী। দৈনিক সেৱনে দৃষ্টিশক্তি উজ্জ্বল কৰে।
- খিচমিচ গাখীৰত উতলাই খালে শৰীৰত ৰক্তহীনতা উপশম কৰাত সহায়ক হয়। আনহাতে ই তেজ বৃদ্ধি কৰে।
- খিচমিচ হৈছে এণ্টিবেক্টেৰিয়েল গুণসমৃদ্ধ। জাৰকালি ৰাতি ৩-৪ টা শুকান খিচমিচ উতলাই খালে ঠাণ্ডাৰ পৰা সকাহ পোৱা যায়।
- গাখীৰৰ লগত দৈনিক খিচমিচ সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। সোনকালেই অসুস্থ হৈ পৰা লোকে এনে ক্ষেত্ৰত এনেকৈ গাখীৰ আৰু খিচমিচ খালে যথেষ্ট লাভবান হ’ব পাৰে।
- কোষ্ঠকাঠিন্যৰ সমস্যাৰ দূৰ কৰাত খিচমিচ অত্যন্ত সহায়ক। ৰাতি শোৱাৰ আগতে গাখীৰত খিচমিচ উতলাই খালে কোষ্ঠকাঠিন্য সমস্যাৰ পৰা মুক্তি পাব পাৰি।