পদিনা এবিধ সুগন্ধিযুক্ত বনৌষধি। অতি সহজলভ্য এই বনৌষধি বিধৰ স্বাস্থ্যসন্মত বহুতো গুণ আছে। পদিনাৰ সুগন্ধি আয়ুৰ্ৱেদিক ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয় ।
পদিনাক এবিধ শাক বুলি কোৱা হয় যদিও সাধাৰণ শাকৰ দৰে ভাজি বা তৰকাৰী কৰি খোৱা নহয়। ইয়াৰ পাত চাটনি হিচাপে নতুবা ৰস উলিয়াই চৰবত হিচাপে খোৱা হয়।
সুস্বাস্থ্যৰ বাবে বিভিন্ন প্ৰকাৰে উপকাৰী পদিনাৰ কেইটামান বিশেষ প্ৰয়োগ হৈছে-
- পদিনাৰ পাত মিহলাই তৈয়াৰ কৰা চাহ খালে ছালৰ বিকাৰ আৰু পেটৰ সমস্যা নোহোৱা হয় ।
- পেটৰ বিষ হলে পদিনাৰ ৰসৰ লগত আদা আৰু নিমখ মিহলাই সেৱন কৰিলে যথেষ্ট উপকাৰ পোৱা যায়।
- পদিনাৰ ৰসৰ সৈতে মৌজোল মিহলাই সেৱন কৰিলে চৰ্দি,পানীলগা,জ্বৰ আদি ৰোগ উপশম হয় । নিমোনিয়াৰ ক্ষেত্ৰতো অতি উপকাৰী এই পদিনা।
- পদিনাৰ ৰস ক্ষয়ৰোগ,অষ্টমা আৰু শ্বাস-প্ৰশ্বাস সম্বন্ধীয় ৰোগত উপকাৰী ।
- সদায় পদিনাৰ কেইটামান পাত চোবাই খোৱাৰ অভ্যাস কৰিলে দাঁতৰ বিষ, দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, পায়ৰিয়া আদি ৰোগৰ পৰা হাত হাৰি থাকিব পাৰি ।
- পদিনাৰ পাত পিহি তাৰ প্ৰলেপ মুখত লগালে বা তাৰ ভাপ ললে শালমইনা, বিভিন্ন দাগ,মুখত পৰা বৰ্ধিত বয়সৰ চাপ আদি নোহোৱা হয় ।
- পদিনাৰ পাতৰ পৰা প্ৰস্তুত কৰা তেল কীটনাশক হয়।এই তেল ঘৰৰ চাৰিওফালে ছটিয়ালে মহ, মাখি, পৰুৱা আদিৰ উপদ্ৰৱৰ পৰা হাত সাৰি থাকিব পাৰি ।
- পদিনাৰ পাত পানীত উতলাই সেই পানীখিনি ঠাণ্ডা হোৱাৰ পাছত মুখত লৈ কুলকুলি কৰিলে মুখৰ দূৰ্গন্ধ আঁতৰ হয় ।
- পদিনা খালে শৰীৰৰ মেদবহুলতা দূৰ হয়। আনহাতে এনজাইম সঠিক ৰূপত উৎপাদন, নিঃসৰণ আৰু সঞ্চালন কৰাত সহায় কৰে পদিনাই।