পাকঘৰত ব্যৱহৃত এবিধ অতি প্ৰয়োজনীয় পাচলি হ’ল পিয়াঁজ। বছৰৰ ১২ টা মাহতেই বজাৰত উপলব্ধ এই পাচলিবিধ প্ৰত্যেকবিধ পাচলিৰ লগতে খোৱা যায়। সমগ্ৰ ভাৰতৰ ভিতৰত মহাৰাষ্ট্ৰত সকলোতকৈ বেছি পিয়াঁজৰ উৎপাদন হয়। অন্য পাচলিৰ যিকোনো খাদ্য ৰন্ধাৰ আগতে পিয়াঁজ ব্যৱহাৰ কৰা হয়।আনহাতে চালাডত পিয়াঁজ নহ’লে গোটেই ৰেচিপিটোৱেই আধৰুৱা হৈ পৰে।
পিয়াঁজৰ বহুতো উপকাৰিতা আছে-
- সচৰাচৰ দেখা পোৱা যায় যে পিয়াঁজ কটাৰ সময়ত তাৰ পৰা নিৰ্গত হোৱা ভাপৰ দ্বাৰা চকু পুৰিবলৈ ধৰে আৰু চকুপানী ওলায়।দৰাচলতে এই ভাপ চকুৰ বাবে যথেষ্ট উপকাৰী। পিয়াঁজ কাটোতে ওলোৱা চকুপানীয়ে চকুৰ ভিতৰ ভাগ পৰিষ্কাৰ কৰি আনে।লগতে পিয়াঁজৰ এই ভাপে দৃষ্টিশক্তি ঠিকে ৰখাত যথেষ্ট সহায় কৰে।
- পিয়াঁজত থকা আইৰণ, কেলচিয়াম আৰু ভিটামিন চি শৰীৰৰ বাবে অতি প্ৰয়োজনীয়।
- হৃদৰোগ থকা ৰোগীৰ ক্ষেত্ৰত পিয়াঁজ অতি উপকাৰী।
- চিকিৎসা বিজ্ঞানত বহুতো ৰোগৰ ঔষধ বনোৱাৰ ক্ষেত্ৰত পিয়াঁজৰ ৰস অতি উপকাৰী।
- মহিলা সকলৰ বাবেও পিয়াঁজ অতি উপকাৰী। মহিলাসকলৰ দেহত তেজৰ পৰিমাণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত পিয়াঁজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
- শৰীৰৰ বিষ, ৰাতি টোপনি নহা, মেলেৰিয়া , পাইলছ আদি বেমাৰৰ ক্ষেত্ৰতো পিয়াঁজ অতি উপকাৰী।