গাঁও অঞ্চলত বহুল প্ৰচলিত এবিধ খাদ্য হৈছে পঁইতাভাত । ওৰে ৰাতি পানীত তিয়াই ৰাখি, পিছদিনা খাবৰ বাবে ব্যৱহাৰ কৰা সামান্য টেঙা সোৱাদযুক্ত এই পঁইতা ভাত গৰমৰ দিনত অসমীয়া মানুহৰ বাবে এবিধ প্ৰিয় খাদ্য। প্ৰাকৃতিক সামগ্ৰীৰ আৰু পদ্ধতিৰ যিমানে বিকল্প আৱিষ্কাৰ হ’লেও প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা তথা কোনো ধৰণৰ মা-মছলা ব্যৱহাৰ নকৰা খাদ্যৰ জুতিয়েই বেলেগ আৰু স্বাস্থ্যৰ বাবেও উপকাৰী হয় ।
পঁইতা ভাত এক প্ৰাকৃতিক ভাৱে তৈয়াৰী উপকাৰী খাদ্য। এই পঁইতাভাততো যে ৰোগ প্ৰতিৰোধ ক্ষমতা আছে সেই কথা হয়তো বহুতো লোকৰে জ্ঞাত নহয় । পঁইতা ভাতৰ পানীত প্ৰচুৰ পৰিমাণে short-chain fatty acid সমৃদ্ধ কাৰ্বহাইড্ৰেট পোৱা যায় যিয়ে পাকস্থলী ভালে ৰখাত সহায় কৰে । হাড়ৰ শক্তিবৃদ্ধি ,ওজন নিয়ন্ত্ৰণ কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বঢ়াই এই পঁইতা ভাতে ।
পঁইতা ভাতৰ উপকাৰিতাবোৰ এনে ধৰণৰ-
- এৰাতি তিয়াই থোৱা পঁইতা ভাতত আয়ৰণৰ মাত্ৰা গৰম ভাততকৈ বহু গুণে বেছিকৈ থাকে । উখুৱা চাউলৰ পঁইতা ভাতত পোৱা ভিটামিন ‘বি-১২’ৰ দ্বাৰা শৰীৰ মজবুত হয় তথা ভাগৰ দূৰ কৰে আৰু কৰ্ম শক্তি বঢ়ায়। পঁইতা ভাতত উৎপন্ন হোৱা ভিটামিন-‘বি’ পাকস্থলীত হোৱা ঘা নিৰাময়তো সহায়ক হয়। ই পাকস্থলীৰ pH লেভেলৰো সমতা ৰক্ষা কৰে।
- পঁইতা ভাতে ভিটামিন-‘ই’ সংশ্লেষণৰ দ্বাৰা ছালৰ মৃত কোষিকাবোৰ পুনৰ গঠনত সহায় কৰে, যাৰ বাবে মানুহৰ শৰীৰত সোনকালে বয়সৰ চাপ নপৰে। আনহাতে ছাল গঠনৰ বাবে প্ৰাথমিক প্ৰ’টিন কোলাজন তৈয়াৰ কৰাতো পঁইতা ভাতে সহায় কৰে যিয়ে ছালৰ সংকুচন, সম্প্ৰসাৰণ প্ৰক্ৰিয়াত সহায় কৰে।ফলত গাৰ ছাল বহুত বয়সলৈ সতেজ হৈ থাকে।
- ৰঙা চাউলৰ বা উখুৱা চাউলৰ পঁইতা ভাতত অধিক পৰিমাণে পটাচিয়াম থাকে। পটাচিয়াম অধিক মাত্ৰাত থকা খাদ্যৰ দ্বাৰা মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে।
- পঁইতা ভাতৰ উপকাৰী বেক্টেৰিয়াবোৰে আন খাদ্য অৱশোষণত সহায় কৰে। ই সহজে খাদ্য হজম কৰি লিভাৰক সকাহ দিয়ে। দৈনন্দিত বিভিন্ন খাদ্যশৈলীৰ দ্বাৰা নিঃসৰণ হোৱা অক্সিডেন্টবোৰক নিষ্কাশন কৰাতো পঁইতা ভাতে সহায় কৰে।
- পঁইতা ভাতত থকা লেক্টিক এচিড আৰু আন উপকাৰী বেক্টেৰিয়াবোৰে কোষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰিও আন উপকাৰী বেক্টেৰিয়াবোৰে পেটৰ আন ৰোগ দূৰ কৰাত যথেষ্ট সহায়ক হয়।
স্বাস্থ্যসন্মত আৰু শক্তিশালী এই পঁইতা ভাত শুকানকৈ পতাত বটা মচুৰ দাইল, ভোট জলকীয়া,কেঁচা পিয়াঁজ, পালেং শাকৰ চাটনি, পোৰা মাছৰ পিটিকা ,ভজা মাছ আৰু সেয়া নহ’লে তেল-নিমখৰ সৈতে খাবলৈও অতি সোৱাদযুক্ত হয় ।