মটৰ মাহ শীতকালীন এবিধ পাচলি। মটৰৰ গুটি পাচলি হিচাপে খাব পৰা যায়। পুৰঠ মটৰৰ পৰা সেউজীয়া গুটিবোৰ উলিয়াই ভাজি বা তৰকাৰী ৰূপত খোৱা হয়।অন্যান্য তৰকাৰীত মটৰৰ গুটি মিহলাই কৰি দিলে খাবলৈ অধিক সোৱাদময় হয়। চালাডৰ লগত কেঁচা মটৰৰ গুটি মিহলাই ভাতৰ লগত খায়ো তৃপ্তি লাভ কৰিব পাৰি।
মটৰ -আলুৰ সৈতে ৰান্ধা ঘুগুনী সকলোৰে অতি প্ৰিয়। এই ঘুগুনী ৰুটি-লুচিৰ সৈতে খাই এক বিমল আনন্দ লাভ কৰা যায় আৰু লগতে ঘুগুনী সকলোৰে লোভনীয় খাদ্য।
মটৰ গুটি অতি বলবৰ্ধক আৰু পুষ্টিকৰ পাচলি। বিশেষকৈ নিৰামিষ ভোজী সকলৰ কাৰণে মটৰ গুটি উৎকৃষ্ট প্ৰ’টিনযুক্ত খাদ্য। পনিৰ -মটৰৰ তৰকাৰী এবিধ উপকাৰী খাদ্য। শৰীৰ দুৰ্বল হ’লে বা গাত জ্বৰ অনুভৱ হ’লে মটৰ গুটিৰ তৰকাৰী নতুবা চুপ অতি উপকাৰী পথ্য ।
মটৰৰ গুটিত প্ৰ’টিন , কেলছিয়াম , ফছফৰাছ , আইৰণ , পটাছিয়াম , ভিটামিন এ , ভিটামিন বি আৰু ভিটামিন চি পুচুৰ পৰিমানে থাকে । গতিকে বতৰৰ পাচলি জুতি লগাই খোৱাৰ লগতে আমি বহুত উপকাৰো পাব পাৰো ।