স্বাস্থ্যৰ বাবে এবিধ অতি উপকাৰী ফল হ’ল নাচপতি। সদায় ৰাতিপুৱা ব্ৰেকফাষ্টৰ সময়ত এটাকৈ নাচপতি খালে বহুতো সমস্যাৰ পৰা হাত সাৰি থাকিব পৰা যায়। বতৰৰ ফল বতৰত খোৱাটো এনেয়েও স্বাস্থ্যৰ প্ৰতি উপকাৰী । গতিকে এনে উপকাৰী ফলসমূহ কেতিয়াও নিজৰ খাদ্য তালিকাৰ পৰা বাদ দিব নালাগে।
নাচপতিৰ কিছুমান উপকাৰী গুণ হ’ল-
- শিশুৰ বাবে নাচপতি এবিধ অতি সুৰক্ষিত ফল। দেহৰ আঘাত আৰু থেতেলা খোৱা অংশ সোনকালে নিৰাময় হোৱাত এই ফলে প্ৰধান ভূমিকা লয়। গৰমকালি গৰমৰ প্ৰকোপত বহু শিশুৰ উশাহ-নিশাহ লোৱাত কষ্ট হ’লে কেতিয়াবা কফ হয়। তেতিয়া পুৱা আৰু ৰাতি শিশুক নাচপতিৰ ৰস খুৱালে কফ বাহিৰ হয় আৰু শীঘ্ৰে উশাহ-নিশাহৰ কষ্ট লাঘৱ হয়।
- গৱেষকৰ মতে, হৃদৰোগীৰ বাবে নাচপতি উত্তম খাদ্য। সাধাৰণতে বাকলিসহ নাচপতি খালে দেহে যথেষ্ট পৰিমাণে আঁহযুক্ত খাদ্য লাভ কৰে। এই ফলে কেন্সাৰৰ বিৰুদ্ধেও যুঁজ দিব পাৰে। আনহাতে নাচপতিত থকা ভিটামিন চি আৰু ই এ শক্তিশালী এণ্টি অক্সিডেণ্টৰ কাম কৰে।
- চিকিৎসকৰ মতে, সঘনে এলাৰ্জীত ভুগি থকা ৰোগীয়ে নাচপতি খাব লাগে। নাচপতিৰ ৰস সকলো বয়সৰ লোকৰ বাবে উত্তম।
- নাচপতি কম কেলৰি, পানীৰ উপাদান সমৃদ্ধ আৰু ফাইবাৰযুক্ত। সদায় পুৱাৰ খাদ্যত নাচপতি ৰাখিলে সি দীর্ঘ সময়ৰ বাবে পেট পূর্ণ কৰি ৰাখে আৰু অস্বাস্থ্যকৰ খাদ্যৰ পৰা দূৰত ৰখাত সহায়ক হয়।
- নাচপতি দ্রবণীয় ফাইবাযুক্ত। যিয়ে খাদ্য হজমৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । অন্ত্রৰ স্বাস্থ্য ভালে থাকিলেহে পাচনতন্ত্ৰই আৰু ভাল কাম কৰিব পাৰে। আনহাতে নাচপতিৰ ৰসে দেহলৈ সোনকালে শক্তি ঘূৰাই আনে।নাচপতিত উপলব্ধ পেকটিনে মূত্ৰ বৃদ্ধি কৰে আৰু শৌচ অলপ ঢিলা কৰে, ফলত পেট সদায় খোলোচা ৰখাত সহায় কৰে।