বহুতো লোকৰ ধাৰণা যে ভাত খালেই ওজন বাঢ়ে। সেই কথা ভাবিয়েই বহুতো লোকে ভাত খোৱা বন্ধ কৰি দিয়ে। কিন্তু ভাতৰ সলনি তাৰ সমপৰিমাণৰ কেলৰি যে শৰীৰটোৰ বাবে কিমান প্ৰয়োজনীয় সেই কথা বহুতে পাহৰি যায়।
শৰীৰটোৱে প্ৰয়োজনীয় খাদ্য নাপালে দুৰ্বল হৈ পৰে। বিশেষজ্ঞ সকলৰ মতে ভাত খালেই ওজন বৃদ্ধি হোৱা কথাটো অযুক্তিকৰ। শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ বহুত বেছি নহ’লেও নিৰ্দিষ্ট পৰিমাণৰ ভাত খোৱা দৰকাৰ। বহুতো লোকে ভাতৰ সলনি ৰুটি খায়। কিন্তু সেই খাদ্যইয়ো কেতিয়াবা বদহজমিৰ সৃষ্টি কৰে। গতিকে এনে খাদ্য খাব নোৱাৰা লোকে ভাত একেবাৰে বৰ্জন কৰা উচিত নহয়।
ভাতত ছ’ডিয়াম, ক’লেষ্টেৰল , গ্লুটেন এইবোৰ ক্ষতিকাৰক উপাদান নাথাকে। ভাতত কাৰ্বহাইড্ৰেট থাকে যি ধীৰে ধীৰে হজম হয় আৰু শৰীৰক শক্তি প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
যিহেতু ভাত সহজেই হজম হয় , গতিকে কোনো লোকে বিনা দ্বিধাই ভাত খাব পাৰে। পেটৰ সমস্যা থকা লোকসকলে ৰাতি কেতিয়াও ভাত নোখোৱাকৈ শুব নালাগে। ইয়াৰ উপৰিও ভাতে ৰাতি ভাল টোপনি অহাত সহায় কৰে। ৰাতি শুৱাৰ প্ৰায় ২ ঘন্টাৰ আগত ভাত খোৱা উচিত।
উল্লেখ্য যে ভাত নোখোৱা লোকে প্রতিদিনৰ ডায়েটত ভাতৰ মাৰ বিকল্প হিচাপে নিজৰ খাদ্য তালিকাত ৰাখিব পাৰে। ভাতৰ মাৰ স্বাস্থ্যৰ পক্ষে উপকাৰী। নিয়মিতভাৱে ভাতৰ মাৰ খালে বিভিন্ন ৰোগৰ পৰা মুক্তি পাব পাৰি ।
- ভাতৰ মাৰে উচ্চ ৰক্তচাপ নিয়ন্ত্রণত সহায় কৰে। ভাতত ছ’ডিয়ামৰ মাত্রা কম থাকে, যিটো উচ্চ ৰক্তচাপৰ ৰোগীসকলৰ বাবে অত্যন্ত প্রয়োজনীয়।
- বহুতো লোক ডিহাইড্রেচনৰ সমস্যাত ভোগা দেখা যায়। বিশেষকৈ গ্রীষ্মকালত সমস্যা বেছি হয়। কিন্তু নিয়মিত ভাতৰ মাৰ খালে এই সমস্যাৰ পৰা মুক্তি পাব পাৰি।
- ভাতৰ মাৰে বিভিন্ন বতৰৰ ৰোগ যেনে চর্দি, জ্বৰ, কাহৰ আদিৰপৰা মুক্তি দিয়ে আৰু সংক্রমণৰ পৰা দূৰৈত ৰখাত সহায় কৰে।
- ভাতৰ মাৰত প্রচুৰ পৰিমাণে থকা কার্বোহাইড্রেটে কামৰ ক্লান্তি দূৰ কৰাত কার্যকৰী ভূমিকা পালন কৰে।
- ভাতৰ মাৰে পাচনতন্ত্রক ঠিকে ৰখাৰ লগতে কোষ্ঠকাঠিন্য, পেটৰ বিষৰ সমস্যাৰ পৰা মুক্তি দিয়ে। ই মেটাবলিজমৰ হাৰ বৃদ্ধিৰ ক্ষেত্রতো কার্যকৰী।