তিলৰ লগত অসমীয়া মানুহৰ সম্পৰ্ক বহুদিনীয়া । তিলেৰে বনোৱা বিভিন্ন ধৰণৰ পিঠা – পনা অসমীয়া বাপতিসাহোন উৎসৱ বিহুৰ এক প্ৰধান আকৰ্ষণ । ইয়াৰ উপৰিও পৰম্পৰাগত থলুৱা খাদ্য সম্ভাৰত তিলৰ বিভিন্ন ব্যঞ্জন যেনে তিল দি বনোৱা মাছ বা মাংসৰ ব্যঞ্জন, তিলৰ চাটনি ইত্যাদি অতি উল্লেখ্যযোগ্য । অসমৰ উপৰিও ভাৰতৰ অন্যান্য বহুতো ৰাজ্যত বিভিন্ন ধৰণে তিলৰ ব্যৱহাৰ চলি আহিছে। গুণৰ ফালৰ পৰা উৎকৃষ্ট হোৱাৰ বাবে ইয়াৰ চাহিদা অতি বেছি।
তিলত পৰ্যাপ্ত পৰিমাণে প্ৰটিন, অমেগা ৬ ফেটি এচিড,কেলচিয়াম, মেগনেছিয়াম, ফচফৰাছ, আইৰণ, পটাছিয়াম , ভিটামিন , এন্টিঅক্সিডেন্ট , ফাইট’নিউট্ৰিয়েন্ট , ফ্লেভনয়ডছ আদি পোৱা যায়, যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী। স্বাস্থ্য ৰক্ষা আৰু সৌন্দৰ্য্য চর্চাত তিলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
তিলত থকা প্ৰটিনে শৰীৰত শক্তি প্ৰদান কৰে, শৰীৰ গঠনত সহায় কৰে আৰু মাংসপেশী মজবুত কৰে ।তিলত থকা মেগনেছিয়ামে ডায়েবেটিচ, উচ্চ ৰক্তচাপ , বিভিন্ন হৃদৰোগ, এলেজেইমাৰ ৰোগ , যকৃত আৰু বৃক্কৰ ক্ষতি ৰোধ কৰাতো সহায় কৰে।
শ্বাসতন্ত্ৰৰ বিভিন্ন ৰোগ, হাৰ্ট এটেক, স্ট্রোক , আৰথ্ৰাইটিছ , এজমা আদি বিভিন্ন ৰোগৰ ক্ষেত্ৰত তিল অতি উপকাৰী । ষ্ট্ৰেছ, ডিপ্ৰেছন আদিৰ সমস্যাত তিল উপকাৰী। তিল তেলত থকা ট্ৰাইঅ’চিন নামৰ এবিধ এমিন’ এচিডে চেৰ’টনিন নামৰ হৰমনৰ নিঃসৰণ বৃদ্ধি কৰে। ইয়াৰ ফলত ষ্ট্ৰেছ, ডিপ্ৰেছন আদি সমস্যা নিৰাময়ত ই সহায় কৰে।
তিলত থকা ভিটামিনে চুলিৰ সৌন্দৰ্য্য বৰ্ধন কৰে, নতুন চুলি গজাত সহায় কৰে, চুলিৰ গুৰিত তেজ চলাচল বৃদ্ধি কৰে আৰু চুলি সৰা, উফি , অকালপক্কতা আদি চুলিৰ বিভিন্ন সমস্যা নিৰ্মূল কৰে। ইয়াৰ উপৰিও তিলে অকালতে ছালত পৰা বয়সৰ চাপ কম কৰে, ছালৰ কমনীয়তা বৃদ্ধি কৰে আৰু ছাল উজ্জ্বল কৰে।
পৰম্পৰাগত থলুৱা চিকিৎসা পদ্ধতি আৰু সৌন্দৰ্য্য চর্চাতো তিল তেলৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়। গাঁঠিৰ বিষ আৰু অন্যান্য বহুতো ৰোগৰ ক্ষেত্ৰতো তিল তেলৰ মালিচ অতি ফলপ্ৰসু ।