স্বাস্থ্যৰ বাবে উপকাৰী তথা সহজলভ্য হৈছে ভেদাইলতা। ভেদাইলতাৰ গোন্ধ অতি উৎকট হোৱা বাবে বহুতে খাবলৈ ভাল নাপায়। কিন্তু ভেদাইলতাৰ উপকাৰীতাৰ বিষয়ে বৰ্ণনা কৰি শেষ কৰিব নোঁৱাৰি।
ভেদাইলতাৰ পাত , ঠাৰি , ফুল সকলো অংশই খোৱাৰ উপযোগী। মাছৰ লগত আঞ্জা ৰান্ধি , চাটনি বনাই , বড় ভাজি বা কেঁচা ৰস হিচাপে ভেদাইলতা খাব পাৰি। জানো আহক ভেদাইলতাৰ বিষয়ে-
১) পেটৰ যি কোনো ৰোগৰ বাবে ভেদাইলতা উপকাৰী।
২) শৰীৰত যিকোনো কাৰণত এলাৰ্জী হ’লে নিয়মিত ভেদাইলতা খালে উপকাৰ পোৱা যায়।
৩) অত্যাধিক গাৰ বিষ হ’লে ভেদাইলতা ১০/১২ খিলা পাত আৰু ২/৩ ফুটা নহৰু থেতেলিয়াই অলপমান নিমখ দি পানীৰ লগত মিশ্ৰণ কৰি খালে আৰাম পোৱা যায়।
৪) গ্ৰহণী বেমাৰত ভেদাইলতাৰ কেঁচা ৰস খালে উপকাৰ পোৱা যায়।
৫) মহিলাৰ জৰায়ুজনিত যিকোনো ৰোগত ভেদাইলতা উপকাৰী।
৬) হাড় ভাঙিলে বা খুন্দাখাই দুখ পালে ভেদাইলতাৰ পাত বটি বান্ধি থলে যথেষ্ট উপশম হয়।
৭) যকৃত বা লিভাৰৰ যিকোনো সমস্যাত ভেদাইলতা খালে কাম দিয়ে আৰু লিভাৰো শক্তিশালী কৰে