পালেং শাক বনজাতীয় উদ্ভিদ। পাত বহল , কোমল ডাঠ আৰু সেউজীয়া । পাত ৰসযুক্ত আৰু টেঙা।
ইংৰাজী নাম ঃ Spinace
বৈজ্ঞানিক নাম ঃ Spinacia aleracia Linn
আমাৰ বাৰীত বা টাবত হোৱা আৰু আমি সদায় খাই থকা পালেংশাকৰ আছে বহুত ঔষধি গুণ –
১) পালেংৰ পাত আঞ্জা হিচাপে বা কেঁচা চালাড কৰি খোৱা হয়। আঞ্জা পুষ্টিকৰ আৰু অতি ৰুচিকৰ।
২) পালেং শাকত যথেষ্ট পৰিমাণে এছকৰ্বিক এচিড পোৱা যায়। যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।
৩) পালেং শাকত থকা বিটা কেৰটিন আৰু আলফাই কৰ্কট ৰোগৰ কোষ বৃদ্ধিত বাধা দিয়ে।
৪) পালেং শাকে ছাল নিমজ কৰাত সহায় কৰে।
৫) পালেং শাক শৌচবৰ্ধক। শ্বাস কষ্ট ৰোধক আৰু মূত্ৰস্থলীৰ পাথৰনাশক হিচাপে ব্যৱহাৰ হয়।
৬) পালেং শাকত অধিক পৰিমানে কেলছিয়াম থকাৰ বাবে দাঁত , হাড় মজবুত কৰিব পাৰে। মাংসপেশী , স্নায়ু সক্ৰিয় কৰে।
৭) পালেং শাকে পানীলগা ৰোগ প্ৰতিৰোধ কৰিব পাৰে।
৮) পালেং শাকে ঘা সহজে শুকোৱাত সহায় কৰে আৰু শিশুৰ পয়ালগা ৰোগ প্ৰতিৰোধ কৰিব পাৰে।
৯) পালেং শাকে বহুমূত্ৰ ৰোগীৰ তেজত থকা চেনিৰ পৰিমাণ হৃাস কৰিব পাৰে।
১০) পালেং শাকত খাদ্যপ্ৰাণ ‘ক’ যথেষ্ট পৰিমাণে থাকে। খাদ্যপ্ৰাণ ‘ক’ ই চকুৰ দৃষ্টি শক্তি বঢ়াব পাৰে আৰু কুকুৰীকণা নিৰাময় আৰু প্ৰতিৰোধ কৰাত সহায় কৰে।