কুঁহিয়াৰ সাধাৰণতে স্নিগ্ধ ,শীতল আৰু চেনী জাতীয় পদাৰ্থ থকা কাৰণে খাবলৈ তৃপ্তিকৰ হয়।
১) কুঁহিয়াৰৰ ৰসে আমাৰ শৰীৰত যথেষ্ট শক্তি বৃদ্ধি কৰিব পাৰে। তেজ আৰু প্ৰস্ৰাৱ পৰিষ্কাৰ কৰিবৰ কাৰণে কুঁহিয়াৰৰ ৰস অতি উপকাৰী।
২) পেটৰ যিকোনো ৰোগতে বিশেষকৈ পেট কামোৰণি ৰোগত পুৰণি কুঁহিয়াৰৰ ৰসে ভাল ফল দিয়ে।
৩) প্ৰস্ৰাৱ কৰোঁতে জ্বলা -পোৰা কৰিলে কুঁহিয়াৰৰ ৰস খালে ভাল হয়।
৪) কুঁহিয়াৰৰ ৰসে বায়ু-পিত্ত ৰোগ নাশ কৰিব পাৰে।
৫) তেজৰ দোষত নিতৌ এগিলাচকৈ কুঁহিয়াৰৰ ৰস খালে তেজ বিশুদ্ধ হয়।
৬) পাথৰি ৰোগত নিতৌ দুই গিলাচকৈ কুঁহিয়াৰৰ ৰস খোৱা উচিত।
৭) কুঁহিয়াৰৰ ৰসে আমাৰ শুক্ৰ বৃদ্ধি হোৱাত সহায় কৰে।
৮) জ্বৰত কুঁহিয়াৰৰ ৰস খোৱা ভাল।
৯) স্ত্ৰীৰোগ আৰু ৰক্তপিত্ত ৰোগৰ কাৰণে কুঁহিয়াৰৰ ৰস উপকাৰী।
১০) কোষ্ঠকাঠিন্য ৰোগত কুঁহিয়াৰৰ ৰস খোৱা ভাল।