চিৰতা
ইংৰাজী নাম ঃ Chretta
বৈজ্ঞানিক নাম ঃ Swertia Chiryita
চিৰতা তিনিৰ পৰা চাৰি ফুট ওখ জোপোহা জাতীয় উদ্ভিদ। চিৰতা গছৰ প্ৰতি অংশই অতি তিতা। চিৰতা তিতা আমাৰ শৰীৰৰ বাবে বহত উপকাৰী ।
১) চিৰতাৰ পাত আৰু ঠাৰি কেঁচা বা শুকান অৱস্থাত মেলেৰিয়া আৰু অন্যান্য জ্বৰত ব্যৱহাৰ কৰি সুফল পাব পাৰি।
২) চিৰতাৰ পাত তিয়াই থৈ ৰাতিপুৱা খালি পেটত খালে কৃমি নাশ হয়।
৩) চিৰতাৰ তিতাই যকৃত শক্তিশালী কৰে আৰু তেজ শোধন কৰে।
৪) চিৰতা খালে ছালৰ ৰোগ ভাল হয়।
৫) বহুমূত্ৰ ৰোগীৰ কাৰণে চিৰতা সুপথ্য।
৬) বেচু আৰু হাঁপানি ৰোগত চিৰতা তিতা উপকাৰী।
৭) চিৰতা খালে ভোক বাঢ়ে। চিৰতা তিতা মূৰত দিলে মূৰৰ ওকণী মৰে।
৮) চিৰতা মৌৰ সৈতে খালে পানীলগা , ইনফ্লুয়েঞ্জা ভাল হয়।
৯) চিৰতা গৰম পানীৰ লগত খালে বমি বন্ধ হয়।
১০) চিৰতা পানীৰে পুৰণি ঘা ধুলে ঘা সহজে শুকায়।