তিতা-ভেকুৰি এবিধ বহুগুণী বনৌষধ।
ইংৰাজী নাম :- Turkey Berry.
থোপাথুপিকৈ লগা তিতা-ভেঁকুৰি গছজোপা দেখিবলৈ বৰ ধুনীয়া। গছ জোপা চাপৰ আৰু জোপোহা। থোপাথুপিকৈ লগা গুটিবোৰ বগৰীৰ নিচিনা যদিও অলপ সৰু। পকিলে গুটিবোৰ হাল’ধীয়া হয়। অসমৰ সকলো ঠাইতে তিতা-ভেঁকুৰিৰ গছ দেখা যায়। ইয়াক খেতি কৰিব নালাগে , নিজে নিজে গজি উঠে। গুটিবোৰ ভাজি , সিজাই বা আঞ্জা বনাই খাব পাৰি। বনে জংগলে নিজে নিজে গজি উঠিলেও তিতা-ভেঁকুৰিৰ আছে বহুতো ঔষধি গুণ-
১) তিতা-ভেঁকুৰিৰ পাত খালে পেলুৰ দৰবৰ কাম কৰে।
২) তিতা-ভেঁকুৰি খালে ৰক্তহীনতা দূৰ হয়।
২) তিতা -ভেঁকুৰীয়ে ৰক্ত শোধন কৰাতো সহায় কৰে।
৩) কাহ আৰু জ্বৰৰ বাবে তিতা – ভেঁকুৰি উপকাৰী।
৪) ছালৰ বেমাৰ , কুষ্ঠ আদি ৰোগত ঔষধ হিচাপে ব্যৱহাৰ হয়।
৫) হজম প্ৰক্ৰিয়াত সহায় কৰে।
৬) পেটৰ বিষ , ডায়েৰিয়া , অম্লজনিত , ৰোগ সুস্থ কৰাত সহায় কৰে।
৭) তেজত থকা কলেষ্টৰেল নিয়ন্ত্ৰণত ৰাখিব পাৰে।
৮) উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।
৯) তিতা-ভেঁকুৰিয়ে কৰ্কট ৰোগ হোৱাত বাধা দিয়ে।
১০) গোৰোহাৰ বিষ , গাঁঠিৰ বিষ আদি উপশম হোৱাত সহায় কৰে।