কোমোৰা গ্ৰীষ্মকালীন পাচলি যদিও বৰ্তমান বাৰমাহে সকলো ঋতুতে কোমোৰা উৎপাদন কৰা হয়। কোমোৰা উৎপাদনৰ আদিভূমি চীনদেশ। অসমীয়াৰ বাৰীত , বিশেষকৈ ঘৰৰ চালত কোমোৰা গছ বগাবলৈ দি তাতে পৰ্যাপ্ত কোমোৰা উৎপাদন কৰা এটি অতি প্ৰাচীন পৰম্পৰা।
পুৰঠ নোহোৱা অৰ্থাৎ জালি বা কুমলীয়াৰ পৰা আৰম্ভ কৰি বগা পৰা বা পুৰঠ অৱস্থাত কোমোৰাক ব্যঞ্জন হিচাপে ব্যৱহাৰ কৰা হয়। বগা পুৰঠ কোমোৰা বাৰমাহে খাবৰ বাবে অসমীয়াই সংৰক্ষণ কৰি ৰাখে। শক্তি পূজাৰ বলি-বিধানতো কোমোৰাৰ প্ৰয়োজন আছে। সাধাৰণতে কুমলীয়া বা জালি কোমোৰা ভাজি বা তৰকাৰী হিচাপে খোৱা হয় যদিও জালি কোমোৰা বড় বনাই খাবলৈও বৰ সোৱাদ হয়। কিছুমানে মাছ-পুঠিৰেও আঞ্জা ৰান্ধি বৰ সোৱাদ লগাকৈ কোমোৰা খায়। অসমীয়া লোক খাদ্যৰ তালিকাত বগা পুৰঠ কোমোৰা আৰু হাঁহৰ মাংসই অসমীয়া সমাজত এক বিশেষ স্থান পাবলৈ সক্ষম হৈছে। অকল কোমোৰাই নহয় , পুৰঠ কোমোৰাৰ গুটিবোৰো ৰ’দত শুকুৱাই ঢেঁকি বা পটাত খুন্দি বাকলিবোৰ গুচাই সাঁচি থৈ দিয়ে। যেতিয়া পাচলিৰ অভাৱ হয় , তেতিয়া আসমীয়া ৰান্ধনীয়ে এই গুটিৰ গুড়িবোৰ মাছৰ সৈতে ধুনীয়াকৈ জুতি লগাই ৰান্ধে।
কোমোৰাত আয়ৰণ , ফছফৰাছ , কেলছিয়াম , কাৰ্ব’হাইড্ৰেট প্ৰ’টিন আদি যথেষ্ট পুষ্টিগুণ থাকে। প্ৰাচীন আয়ুৰ্বেদীয় পুথিত কোমোৰাক লোক ঔষধিযুক্ত খাদ্য হিচাপে গণ্য কৰা হয়। এই পাচলি বিধত বীৰ্যবৰ্ধক , মেধাবৰ্ধক , বলবৰ্ধক , পিত্তনাশক , শ্বাসযন্ত্ৰৰ সুচল , হৃদৰোগ নিবাৰক আদি গুণৰ লগতে স্নায়বিক দুৰ্বলতা , তৃষ্ণা নিবাৰণ , ৰক্তস্ৰাৱ নিবাৰণ , প্ৰস্ৰাৱ খোলোচা কৰাতো পাচলি বিধে বিশেষ ভূমিকা গ্ৰহণ কৰে।