ইংৰাজী নাম ঃ White Rose
বৈজ্ঞানিক নামঃ Rosa Albalinn
গোলাপ চিৰ’সেউজীয়া কাঁইটযুক্ত জোপোহা গছ। গছডালত কাঁইট থাকে। ফুল বগা আৰু সুগন্ধি। গোলাপ বুলি কলেই আমাৰ মনটো ভাল লাগি যায়। বাগিছাত ফুলবোৰ ফুলি থকা দেখিলে ভাল মানুহৰ কথা বাদেই অসুস্থ জনেও আৰোগ্য লাভ কৰিব পাৰে।সুগন্ধি বগা গোলাপ সৌন্দৰ্যতাৰ প্ৰতীক হোৱাৰ লগতে আছে বহুতো ঔষধি গুণ-
১) বগা গোলাপ বিভিন্ন ৰোগত ব্যৱহাৰ হয়।
২) দেখিবলৈ ধুনীয়া হোৱাৰ লগতে সুগন্ধিদায়ক।
৩) চকু ৰঙা পৰিলে ফুলৰ পাহি পানীত তিয়াই ৰাখি চকু ধুলে উপকাৰ পোৱা যায়।
৪) বগা গোলাপে হৃদযন্ত্ৰ ভালে ৰখাত সহায় কৰে।
৫) জ্বৰ হ’লে বগা গোলাপ ব্যৱহাৰ কৰিব পাৰি।
৬) বগা গোলাপৰ পৰা গোলাপ জল প্ৰস্তুত কৰা হয়।
৭) চকুৰ বিভিন্ন ৰোগত গোলাপজল উপকাৰী।