বৰ্তমান সময়ত বেমাৰ –আজাৰ ইমানেই বাঢ়িবলৈ ধৰিছে যে তাৰপৰা পৰিত্ৰাণ পোৱাটো অত্যন্ত কঠিন হৈ পৰিছে। প্ৰাপ্তবয়স্ক লোকৰ লগতে শিশুসকলেও ভূগিব লগীয়া হয় নানা ধৰণৰ অসুখত। আনহাতে দৈনদ্দিন জীৱনৰ অনিয়মিত খাদ্যাভ্যাস , জীৱন-যাপনৰ প্ৰণালী আদিবোৰৰ বাবেও বেমাৰৰ মাত্ৰা বাঢ়িবলৈ ধৰিছে।
শিশুৰ ক্ষেত্ৰত সততে দেখা দিয়া কিছুমান ৰোগ আছে যিবোৰ অলপ সাৱধান হ’লে আৰু ঘৰুৱা পদ্ধতিৰে চিকিৎসা কৰিলে সোনকালে নিৰাময়ো হয়। এনে ধৰণৰ ৰোগ আৰু তাক কিদৰে নিৰাময় কৰিব পাৰি সেই বিষয়ে উল্লেখ কৰা হৈছে-
- জ্বৰ-চৰ্দি-কাহঃ ভাইৰাছজনিত সংক্ৰমণৰ বাবে শিশুৰ শৰীৰত এই ৰোগ হয়। বেছিকৈ জ্বৰ বাঢ়ি গ’লে গাৰ বিষ, মূৰৰ বিষ, হাঁচি, নাকেৰে পানী ওলোৱা আদি লক্ষণে দেখা দিয়ে। এনে সময়ত শিশুটিক গৰম কাপোৰৰ সলনি পাতল কপাহী কাপোৰেৰে আৱৰি ৰাখিব লাগে। শিশুটিক কুহুমীয়া গৰম পানীৰে কুলি কুলি কৰোৱাব পাৰিলেও ভাল ফল পোৱা যায়। আনহাতে গৰম পানীৰ ভাপো এই ক্ষেত্ৰত অতি উৎকৃষ্ট ।
- ডিহাইড্ৰেছনঃ শিশুৰ ডায়েৰিয়া হ’লে ডিহাইড্ৰেছন বেছিকৈ হোৱা দেখা যায়। ডায়েৰিয়া হ’লে শৰীৰৰ পানী ওলাই যোৱাৰ ফলত শিশুৰ ওজন কমি যায়। যাৰ ফলত শিশু দুৰ্বল আৰু ক্ষীণ হৈ পৰে। শিশুটিৰ ছাল শুকাই যায়, চকু ভিতৰলৈ সোমাই যায়, গাৰ উজ্জ্বলতা কমি যায়। ডিহাইড্ৰেছন ৰোগ হোৱা শিশুটিৰ সিৰাৰ দ্বাৰা চেলাইন দিয়া হয় । কিন্তু ঘৰুৱাভাৱে প্ৰাথমিক চিকিৎসাৰ ক্ষেত্ৰত এক লিটাৰ পানীত আধা চাহ চামুচ নিমখ আৰু চাৰি চামুচ চেনি মিহলাই O.R.S বনাই শিশুটিক অলপ অলপকৈ সঘনাই খুৱালে যথেষ্ট উপকাৰ পোৱা যায়। মন কৰিবলগীয়া কথা যে O.R.S ১২ ঘন্টাতকৈ বেছি সময় ব্যৱহাৰ কৰা উচিত নহয়।
- পেটৰ অসুখঃ শিশুৰ সঘনাই হোৱা এক ৰোগ হৈছে পেটৰ অসুখ। পেটৰ অসুখ হ’লে জ্বৰ, বমি, পেট ফুলি থকা, সঘনাই শৌচ হোৱা আদি সমস্যাই দেখা দিয়ে।গতিকে আগতীয়াকৈ শিশুটিৰ যত্ন লোৱা উচিত । এই ক্ষেত্ৰত কেতিয়াও গৰম পানী ঠাণ্ডা কৰি খুৱাব নালাগে। ডায়েৰিয়া হ’লে প্ৰতিবাৰ পায়খানা হোৱাৰ পিছত শিশুটিক পানী খাবলৈ দিয়া উচিত। খুব সৰু শিশু হ’লে ছমাহলৈকে মাকৰ গাখীৰহে দিব লাগে। আনহাতে অসুখ বাঢ়ি গ’লে চিকিৎসকৰ সহায় লোৱা নিতান্তই প্ৰয়োজনীয়।
- আইঃ শিশুটিৰ গাত হোৱা আই, ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগ। আই দেখা দিলে শিশুটিক প্ৰ’টিন জাতীয় আহাৰ বেছিকৈ খুউওৱা উচিত। মাকৰ গাখীৰো এই ক্ষেত্ৰত উপকাৰী। কিয়নো মাকৰ গাখীৰত প্ৰতিৰোধকাৰী এন্টিব’ডি থাকে । আনহাতে জন্ম হোৱাৰ ন মাহৰ পাছত ভেকচিন দিলে এই ৰোগৰ সম্ভাৱনা কম হয়।
- মাম্পচঃ শিশুৰ মাম্পচ হ’লে দুয়োখন গালৰ তলৰ অংশ উখহি উঠে। লগতে খুব বিষ হয়। এই ৰোগ হ’লে শিশুৰ খুব জ্বৰ উঠে আৰু মুখৰ ভিতৰখন শুকান হৈ দুৰ্গন্ধ ওলায়। মাম্পচ হোৱা অংশত গৰম সেক দিব লাগে। আনহাতে শিশুৰ পোন্ধৰ মাহ হ’লে MMR ভেকচিন দিলে মাম্পচ ৰোগ প্ৰতিৰোধ হয়।
- শিশুটিৰ ডিঙিৰ কাঁইট লাগিলেঃ কেতিয়াবা শিশুটিক মাছ খুৱাওঁতে ডিঙিত কাঁইট লাগি ধৰিব পাৰে। কাঁইট লাগিলে লগে লগে শিশুটিক পানী খোৱাব লাগে। নতুবা শুকান ভাত, কল খোৱাই দিব লাগে। যদিহে কাঁইট নোলায় বা ঠিক নহয় তেন্তে চিকিৎসকৰ ওচৰলৈ যোৱা উচিত।
- নাকেৰে তেজ ওলোৱাঃ শিশুৰ নাকেৰে বিভিন্ন কাৰণত তেজ ওলাব পাৰে। খুব বেছি গৰম বা বেছি ঠাণ্ডা পৰিলে, নাকত ইনফেক্সন হ’লে, নাকত আঙুলি সুমুৱাই দিলে, নাকত দুখ পালে ইত্যাদি কাৰণত শিশুৰ নাকেৰে তেজ ওলায়। এনে ক্ষেত্ৰত নাকৰ ওপৰত বৰফ এটুকুৰা ৰাখিলে যথেষ্ট আৰাম পোৱা যায়। তেজ ওলোৱাৰ লগে লগে আঙুলিৰে নাকৰ ফুটা দুটা লাহেকৈ চেপি দিব লাগে আৰু মুখেৰে উশাহ ল’বলৈ দিব লাগে। নাকৰ ফুটাত তুলা বা কোমল কপাহ সুমুৱাই ৰাখিব পৰা যায়। শিশুটি শুই থাকিলে গাৰুটো আঁতৰাই কাটি কৰি শুৱাই দিব লাগে।
- কাণৰ বিষঃ শিশুৰ কাণৰ বিষ টনছিল, কাণত পোক সোমোৱা, দাঁত, নাক, জিভাৰ অসুখ, কাণৰ ফোঁহা, কাণত ঠাণ্ডা লগা ইত্যাদি কাৰণতে হ’ব পাৰে। এখন ৰুমাল বা এটুকুৰা কোমল কাপোৰ ভাঁজ কৰি লৈ কাপোৰখন গৰম কৰি শিশুটিৰ কাণত সেক দিলে যথেষ্ট আৰাম পাব। এই ক্ষেত্ৰত শিশু বিশেষজ্ঞৰ পৰামৰ্শ লোৱা অত্যন্তই জৰুৰী।
- শিশুটিৰ কাণত পোক সোমালেঃ শিশুটিৰ কাণত কেতিয়াবা কিবা প্ৰকাৰে পোক সোমাব পাৰে। এনে ক্ষেত্ৰত কাণত যিকোনো বস্তু ভৰাব নালাগে, কাৰণ ই হিতে বিপৰীতহে হ’বগৈ পাৰে। তাৰ সলনি কাণত পানী, গ্লিচাৰিণ, নাৰিকলৰ পানী আদি দিব পৰা যায়। ঘৰতে প্ৰাথমিক ভাৱে ল’ব পৰা ব্যৱস্থা লৈ চিকিৎসকৰহে কাষ চপা উচিত।
- কৃমিঃ শিশুৰ বিভিন্ন কাৰণত কৃমি হয়। এই ৰোগ হ’লে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিয়া উচিত। চিকিৎসকৰ পৰামৰ্শ অনুযায়ীহে শিশুক কৃমিৰ ঔষধ খুৱাব লাগে।