গৰমৰ দিন আৰম্ভ হোৱাৰ লগে লগেই যেন আৰম্ভ হয় প্ৰখৰ ৰ’দৰ প্ৰকোপ অথবা ধাৰসাৰে বৰষুণ দি থকা বিৰক্তিকৰ দিনবোৰৰ। ৰ’দ –বৰষুণৰ এনে বতৰে মানুহৰ শৰীৰটোৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলায় । গৰমৰ এই ৰ’দৰ প্ৰকোপত শৰীৰৰ পৰা ওলোৱা ঘামত নানান ফাংগাল ইনফেকচন হোৱা দেখা যায়।আনহাতে একে লেথাৰিয়ে বৰষুণ দি থকাৰ ফলত হোৱা জেকা জেকা ভাৱ আৰু বৰষুণৰ জমা হোৱা পানীয়ে বিভিন্ন বেমাৰ কঢ়িয়াই ।
সেয়েহে এনে বতৰত শৰীৰতো সুস্থ কৰি ৰাখিবৰ বাবে কিছুমান যতন লোৱাৰ অতি প্ৰয়োজন । ঘৰতেই হঁওক বা বাহিৰতেই হঁওক কেতিয়া কি খাদ্য খাব লাগে , কিদৰে নিজৰ লগতে ঘৰখনো চাফ –চিকুণ কৰি ৰাখিব লাগে অথবা কি ধৰণৰ সাজ-পোছাক পিন্ধিলে এনে বতৰতো আৰামত থাকিব পৰা যায় আদি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰাৰ দৰকাৰ ।
গৰমৰ এই দিনবোৰত খাদ্যাভ্যাসৰ ক্ষেত্ৰত ল’ব লগা কিছুমান যতন হ’ল-
- গৰমৰ দিনত পৰ্য্যাপ্ত পৰিমাণে পানী খাব লাগে । ডাবৰ পানী ,নেমুৰ চৰবত, দৈ আদি খালে ডিহাইড্ৰেছনৰ পৰা যথেষ্ট সকাহ পোৱা যায় । গৰমৰ দিনত ঘামৰ যোগেদি শৰীৰৰ পানী কমি যায়, সেই কাৰণে শৰীৰৰ তৰল পদাৰ্থ ঠিক ৰাখিবৰ কাৰণে যথেষ্ট পানী খোৱা উচিত ।
- গৰমৰ দিনত লঘু আহাৰ স্বাস্থ্যৰ বাবে উপকাৰী ।বেছি মছলাযুক্ত খাদ্য খোৱাৰ পৰিৱৰ্তে সতেজ আৰু কম প্ৰ’টিনযুক্ত আহাৰ খোৱা উচিত যাতে হজম হোৱাত কষ্ট নহয়। বিলাহীয়ে শৰীৰ ঠাণ্ডা ৰাখে । গতিকে বিলাহী চালাড কৰি মাছ বা মাংসৰ লগত বনায়ো খাব পাৰি ।
- গ্ৰীষ্মকালত উপলব্ধ যিকোনো ফল দিনে অন্তত: এটাকৈ খাব পাৰিলেও ই শৰীৰতোক যথেষ্ট উপকাৰ কৰে। ৰসাল ফলবিলাকে শৰীৰত পানীৰ পৰিমাণ বঢ়োৱাত সহায় কৰে। আম, নাচপতি, কল, তৰমুজ, তিয়ঁহ, জামু এই ফলবিলাকত ভিটামিন চি, জিংক, এন্টি অক্সিডেন্ট থাকে, যি শৰীৰৰ বাবে বহুত উপকাৰী।
- গৰমৰ দিনবোৰত একেবাৰতে বেছিকৈ খাদ্য খোৱাতকৈ কম কম কৈ দিনটোত খাব লাগে। আনহাতে ফ্ৰীজত বেছিদিন বস্তু থৈ খোৱাতো স্বাস্থ্যৰ বাবে ভাল নহয়। হোটেল বা ৰেষ্টুৰেন্টত খোৱাতকৈ ঘৰতে ৰন্ধা পাতল ধৰণৰ আহাৰ খাব লাগে।
- গৰমৰ দিনত গোটেই দিনটো সতেজ হৈ থাকিবৰ বাবে পুৱাৰ জলপান কেতিয়াও নোখোৱাকৈ থাকিব নালাগে। পুৱাৰ জলপান হিচাপে ৰুটি, তৰকাৰী, চিৰা, দৈ, কল আদি খাব পৰা যায় । সদায় সময়মতে ব্ৰেকফাষ্ট কৰাৰ অভ্যাসে শৰীৰত অতিৰিক্তভাৱে মেদ জমা হোৱাত বাধা দিব পাৰে।
গৰমৰ দিনত শৰীৰটোৰ ক্ষেত্ৰত ল’ব লগীয়া কিছুমান সাৱধানতা হ’ল –
- গৰমৰ দিনত ৰ’দত কাম কৰিলে বা কোনো কাৰণত ৰ’দত ওলাব লগা হ’লে ছান-গ্লাছ, ছাতি, টুপি আদি ব্যৱহাৰ কৰা অতি প্ৰয়োজন ।
- গৰমৰ দিনত ৰ’দত ওলোৱাৰ আগতে ডিঙি, হাত, মুখ সকলোতে চান-স্ক্ৰিন লোচন ব্যৱহাৰ কৰা অত্যন্ত জৰুৰী ।
- গৰমৰ দিনবোৰত পাতল ৰঙৰ আহল-বহল, কটন অথবা লিনেনৰ কাপোৰ শৰীৰৰ বাবে আৰামদায়ক হয় । হাত দীঘল কাপোৰেও প্ৰখৰ ৰ’দৰ পৰা শৰীৰটোক ৰক্ষা কৰে । আনহাতে বৰষুণৰ বতৰত তিতা বা সেমেকা কাপোৰ পিন্ধা অনুচিত কাৰণ এনে কাপোৰ বহু সময় ধৰি পিন্ধি থাকিলে খজুৱতি, বিভিন্ন ফ্যাংগাছ ইনফেকচন হোৱাৰ সম্ভাৱনা থাকে ।
- গৰমৰ দিনত গোলাপজল আৰু তিয়ঁহৰ ৰস সমান পৰিমাণত মিহলাই সেই মিশ্ৰণ ৰ’দৰ পৰা ঘূৰি অহাৰ পাচত চকু-মুখত দিলে যথেষ্ট আৰাম পোৱা যায় ।মূলতানি মাটিৰ লগত গোলাপজল মিহলাই লগালে বেছিকৈ ঘাম উলোৱাৰ পৰা হাত সাৰি থাকিব পাৰি। প্ৰতিদিনে অন্তত: দুবাৰকৈ গা ধুলে ঘামৰ পৰা অলপ হ’লেও পৰিত্ৰাণ পোৱা যায় ।গা-ধোৱাৰ পিছত ভালকৈ গাটো শুকুৱাৰ পিছত ডিঅ’ডোৰেন্ট ব্যৱহাৰ কৰিলে গাৰ গোন্ধ নাইকীয়া হয় ।
- গৰমৰ দিনত গা-ধোৱাৰ আগতে দৈ আৰু আটাভুচি একেলগে মিহলাই ঘামচি হোৱা ঠাইত লগালে সুফল পোৱা যায়। নিমপাত, তুলসীপাত, ধনিয়া পাত, পদিনা পাতৰ ৰস ,কেঁচা হালধিৰ ৰস সমান পৰিমাণতে মিহলাই ঘামচি হোৱা ঠাইত লগালে ঘামচিৰ পৰা পৰিত্ৰাণ পোৱা যায় ।
- গৰমৰ দিনত খোজকঢ়া , যোগাসন , সাঁতোৰা আদিৰ লগতে সৰু সুৰা ফ্ৰী হেণ্ড এক্সাৰচাইজ কিছুমান কৰিব পাৰিলে শৰীৰ সুস্থ আৰু নিৰোগী হৈ থাকে ।