আমাৰ দেহত থকা বিভিন্ন অংগৰ ভিতৰত যকৃতেই হ’ল সকলোতকৈ ডাঙৰ অংগ ৷ এজন প্ৰাপ্ত বয়স্ক মানুহৰ যকৃতৰ ওজন তেওঁৰ শৰীৰৰ মুঠ ওজনৰ শতকৰা প্ৰায় দুভাগ ওজনৰ সমান৷ শৰীৰৰ সোঁফালৰ কামিহাড়ৰ ৮ আৰু ১০ নম্বৰৰ মাজত যকৃত থাকে ৷ যকৃতৰ ভিতৰত থকা কোষ বিলাকৰ নাম হ’ল হেপাইচাইট ৷ইয়াৰ আকৃতি প্ৰায় ত্ৰিভূজৰ দৰে আৰু ৰং প্ৰায় ৰঙচুৱা৷ যকৃতত গ্লাইক’জেন নামৰ এক পদাৰ্থ থাকে৷
মানৱ দেহত যকৃতৰ কাম হ’ল দেহত প্ৰয়োজনীয় পুষ্টিকৰ খাদ্য উৎপন্ন কৰা আৰু জমা কৰা,ৰাসায়নিক পৰিৱৰ্তন (মেটাবলিজিম) , শৰীৰৰ পৰা অদৰকাৰী দ্ৰব্য বাহিৰ কৰা,পুৰণা আৰু নষ্ট হ‘বলৈ ধৰা লোহিত ৰক্তকণিকা সংগ্ৰহ কৰাৰ লগতে তেজৰ সোঁতত থকা বিষাক্ত দ্ৰব্য ঔষধ ,সুৰা আৰু আন অশুদ্ধ পদাৰ্থ পৰিষ্কাৰ কৰা৷
সৰ্বসাধাৰণতে যকৃতৰ পৰা হোৱা ৰোগ সমূহ হ’ল যণ্ডিচ,চিৰ’চিচ,যকৃত বৃদ্ধি ,যকৃত টেমুনা,কৰ্কটৰোগ আৰু বদহজম আদি ৷
যকৃতৰ ৰোগৰ মূল কাৰণ সমূহ হ’ল অত্যাধিক মাদক দ্ৰব্যৰ ব্যৱহাৰ ,খালী পেটত চাহ ,কফি,অধিক মছলাযুক্ত আহাৰ গ্ৰহণ,,গুৰুপাকী খাদ্য গ্ৰহণ ,অন্যান্য ৰোগৰ আক্ৰমণ,বিষাক্ত খাদ্য আৰু নিষিদ্ধ ভোজন,অপৰিষ্কাৰ পানী ,গাখীৰ বা অন্যান্য খাদ্য দ্ৰব্যৰ দ্বাৰা যকৃতৰ ৰোগ হ’ব পাৰে ৷
কিছুমান উপায় অৱলম্বন কৰি আমি আমাৰ যকৃত ভালে ৰাখিব পাৰোঁ৷ যকৃত ভালে ৰাখিবলৈ হ’লে সাত্বিক খাদ্য নিয়মিয়াকৈ খোৱা প্ৰয়োজন৷অমিতা ,আমলখি ,শিলিখা ,ত্ৰিফলা,ভেদাইলতা,দোৰোণ শাক, আদা,কালমেঘ,মহানিমৰ পাত,তুলসী,নহৰু, পকা ফলৰৰস, পিপলি,জালুক,গাজৰ,তিতাকেৰেলা,ছালকুৱঁৰী,পদিনা,পনৌনৌৱা আদি যকৃতৰ বাবে উপকাৰী৷
স্বাস্থ্যবান লোক সকলে সপ্তাহত অন্ততঃ এদিন উপবাস কৰিলে যকৃত ভালেৰে থাকে বুলি স্বাস্থ্য বিশেষজ্ঞ সকলে কয়৷