শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱাৰ এক লক্ষণ হ’ল বাৰে বাৰে অসুস্থ হৈ পৰা। যিকোনো সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবৰ বাবে শৰীৰৰ পুষ্টি আৰু শক্তি দুয়োটাই অতি প্ৰয়োজনীয় । প্ৰয়োজনীয় পুষ্টি নাপালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায় । ফলত স্বাস্থ্যও ধীৰে ধীৰে অৱনমিত হৈ পৰে ।
ক’ভিড ১৯ ৰ দ্বিতীয় ঢৌয়ে সমগ্ৰ বিশ্বতে পুনৰ সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত বহুতো লোক এই ৰোগত আক্ৰান্ত হৈছে। হাঁওফাঁও, শ্বাসতন্ত্ৰ, হৃদযন্ত্ৰ আনকি মস্তিষ্কৰ ওপৰতো গভীৰ প্ৰভাৱ পেলাইছে কৰ’না ভাইৰাছে । স্বাস্থ্যৰ অৱনতি হোৱাৰ লগতে আক্ৰান্ত লোকসকলে লাহে লাহে গোন্ধ , সোৱাদ আদি বোৰো নোপোৱা হৈ আহে ।
ক’ভিড ১৯ত আক্ৰান্ত হৈ থকা সময়ত ৰোগীয়ে কিছুমান বিশেষ খাদ্য খোৱাৰ দৰকাৰ , যিবোৰে বেমাৰৰ সময়ত শৰীৰৰ প্ৰয়োজনীয় অভাৱসমূহ পূৰণ কৰে ।
এই সময়ত গ্ৰহণ কৰিবলগীয়া খাদ্য সমূহ হ’ল –
- ক’ভিড ১৯ ত আক্ৰান্ত হৈ থকাৰ সময়ত শৰীৰৰ কেলৰিৰ ওপৰত বিশেষভাৱে নজৰ দিয়াৰ দৰকাৰ । চিকিৎসক সকলৰ মতে এই ৰোগত আক্ৰান্ত লোকে উচ্চ কেলৰিযুক্ত আহাৰ খোৱাৰ দৰকাৰ । কাৰণ এনে সময়ত হৃদপিণ্ড আৰু হাঁওফাঁওৰ ভাল ক্ৰিয়াকলাপৰ বাবে কেলৰি অতি প্ৰয়োজনীয় হৈ পৰে । কেলৰিৰ বাবে ভাত , গোমধান , আলু , ৰুটি, পাস্তা আদি খোৱা অত্যন্তই প্ৰয়োজনীয় । ইয়াৰ লগতে বাদাম, ফল, ড্ৰাই ফ্ৰূটছ আদিও খাব পাৰি ।
- ক’ভিড ১৯ত আক্ৰান্ত হোৱাৰ পাচত বহু পৰিমাণে প্ৰটিনযুক্ত আহাৰ খোৱা উচিত ।প্ৰ’টিনে শৰীৰৰ মাংসপেশী আৰু কোষসমূহ মেৰামতি কৰাৰ লগতে ইমিউনিটি বঢ়োৱাতো যথেষ্ট সহায় কৰে । চিকিৎসকৰ মতে এজন কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীয়ে প্ৰতিদিনে এক গ্ৰামকৈ প্ৰ’টিনযুক্ত খাদ্য খোৱা দৰকাৰ । মাংসৰ চুপ, মাছ , ছ’য়াবিন, মচুৰ দাইল , চালাড আৰু গাখীৰৰ পৰা তৈয়াৰ কৰা খাদ্য যেনে –পনিৰ, চীজ , দৈ, ছানা আদিত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে যিবোৰ স্বাস্থ্যৰ বাবে উপকাৰী ।
- সুস্থ শৰীৰৰ বাবে ভিটামিনৰ প্ৰয়োজন । কৰ’নাত আক্ৰান্ত হৈ থকাৰ সময়ত বহুতে ডাক্তৰি পৰামৰ্শ মতে ভিটামিনৰ টেবলেট গ্ৰহণ কৰে ।কিন্তু প্ৰাকৃতিক উপায়েৰেও শৰীৰত ভিটামিনৰ প্ৰয়োজন পূৰণ কৰা উচিত । এনে সময়ত ভিটামিন ‘চি’ ৰ বাবে কমলা, নেমু , আম, আনাৰস, আঙুৰ আদি তাজা ফলবোৰ খোৱা উচিত ।
- ইয়াৰ উপৰিও যথেষ্ট পৰিমাণে পানী খোৱা উচিত । পানীৰ উপৰিও ORS বা ফলৰ ৰস , আৰু মাজে মাজে গৰম চাহ আদিও খাব পাৰি ।