কচুৰ থোৰ এবিধ সোৱাদ লগা খাদ্য। কচুৰ থোৰ সিজাই লৈ পানী পেলাই ৰান্ধি খাব পাৰি বা মাছেৰেও খাব পাৰি ।ই খাবলৈ যেনেকৈ জুতি লগা ঠিক তেনেকৈ বহুত ঔষধি গুণেৰে ভৰা । কচুৰ থোৰৰ পৰা পোৱা উপকাৰ সমূহ হ’ল–
১) কচুৰ থোৰ খালে চকুৰ দৃষ্টি শক্তি বাঢ়ে আৰু কেটেৰেক্ট হোৱাৰ পৰা চকুক ৰক্ষা কৰে।
২) কলেষ্ট্ৰলৰ সমস্যা থাকিলে কচুৰ থোৰ খালে সুফল পোৱা যায়।
৩) ৰক্তহীনতা বা এনিমিয়া ৰোগত কচুৰ থোৰ উপকাৰী।
৪) উচ্চৰক্তচাপ আৰু হাৰ্টৰ বিভিন্ন ৰোগত কচুৰ থোৰ উপকাৰী।
৫) কচুত থকা কেলচিয়ামৰ বাবে কচুৰ থোৰ খালে হাড় আৰু দাঁত মজবুত থাকে।
৬) কচুৰথোৰ খালে মেদবহুলতা কমে আৰু ওজন হ্ৰাস হয়।
৭) কচুৰথোৰত আইৰণ থকা বাবে মহিলাই কচুৰথোৰ খাব লাগে।
৮) কিডনী ষ্টোন হ’লে খাব নালাগে।
৯) এলাৰ্জি হোৱা সময়ত খাব নালাগে।
১০) অৰ্শ ৰোগত কচুৰ থোৰ খোৱা উচিত নহয়।