কণী খাই সকলোৱে ভাল পায়। খাবলৈ ভাল লগাৰ উপৰিও কণী আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। স্বাস্থ্য সম্বলিত কণী আমাৰ ছালৰ বাবেও হিতকৰ।কণীৰ বগা অংশ প্ৰোটিন আৰু এলব’মিন সমৃদ্ধ। সূৰ্যৰ ৰশ্মি , অত্যাধিক ধূমপান আৰু এলকোহলৰ অভ্যাস , ওজন বৃদ্ধি , অনিয়মিত খাদ্যাভাস আৰু ৰাসায়নিক প্ৰসাধনৰ বাবে ছালৰ এলাষ্টিন আৰু কোলাজেন নষ্ট হৈ যায়। ইয়াৰ ফলত তেলেতীয়া ছাল , ব্ৰণ , বলিৰেখা আদিৰ উপৰিও বহুতো সমস্যাই দেখা দিয়ে। কণীৰ বগা অংশই ছালৰ পৰা অতিৰিক্ত তেল টানি নিয়াৰ উপৰিও কণীৰ বগা অংশত থকা ভিটামিন আৰু খনিজ পদাৰ্থই ছালৰ বহুতো উপকাৰ কৰে। কণীৰ বগা অংশ কেনেকৈ আমি মুখৰ ছালত ব্যৱহাৰ কৰিব পাৰোঁ জানো আহক-
কণীৰ বগা অংশ লগালে ছাল টানি ধৰিব পাৰে , গতিকে কণীটো ভাঙি তাৰ বগা অংশৰ লগত নেমুৰ ৰস মিহলাই ভালদৰে তৈয়াৰ কৰি লৈ গোটেই মুখ খনত লগাব লাগে। শুকাই যোৱাৰ পিছত কুহুমীয়া পানীৰে ধুব লাগে। এনেধৰণে সপ্তাহত দুবাৰ কৰিলে ছালৰ তেলেতীয়া ভাৱ কমি আহে আৰু ছাল টানি ধৰা , ব্ৰণ হোৱা সমস্যাৰ পৰা হাত সাৰিব পাৰি।
কণীৰ বগা আংশই মুখৰ সৰু সৰু অবাঞ্ছিত লোম সমূহ আঁতৰ কৰিব পাৰে। আমাৰ মুখৰ কপাল , গাল আৰু ওপৰৰ ওঁঠত অবাঞ্ছিত লোম সমূহে মুখৰ সৌন্দৰ্যতা নোহোৱা কৰে। কণী এটাৰ বগা অংশ ব্ৰাছৰ সহায়ত মুখৰ এই স্থান সমূহত লগাব লাগে। দুই -তিনিবাৰ এনেকৈ কৰিলে মুখৰ অবাঞ্ছিত নোম সমূহ নোহোৱা হৈ যায়।
এনেদৰে ঘৰুৱা পদ্ধতিৰে আপোনাৰ ধুনীয়া মুখখন আৰু অধিক ধুনীয়া কৰিব পাৰিব।