এখন হোটেল য‘ত নাই কোনো খিৰিকী, বেৰ অথবা চিলিং। হোটেলৰ কোঠালী বুলিবলৈ মুকলি ঠাইত মাত্ৰ এখন বিচনাহে আছে। চুইজাৰলেণ্ডত থকা এই হোটেলখনৰ নাম “Null Stern“। জাৰ্মান ভাষাত এই শব্দৰ অৰ্থ হৈছে “zero stars” – শূণ্য তৰা। চুইজাৰলেণ্ডৰ এখন মুকলি তথা ধুনীয়া ঠাইত আছে এই হোটেলখন।
উল্লেখযোগ্য যে “Null Stern“ নামৰ এই হোটেলখনত কোনো লোকে এৰাতি থাকিব বিচাৰিলে দিব লাগিব ১৮,০০০ টকা। ২০১৬ চনত প্ৰথমবাৰৰ বাবে এই হোটেলখন গ্ৰাহকৰ বাবে মুকলি কৰি দিয়া হৈছিল যদিও ২০১৭ চনৰ পৰাহে হোটেলখনত গ্ৰাহক থাকিবলৈ অহা আৰম্ভ হৈছিল।
হোটেলখন থাকিবলৈ বিচৰা লোকসকলে মাত্ৰ এখন ধুনীয়া ডাঙৰ বিচনাহে লাভ কৰিব । য‘ত ধুনীয়া গাৰুৰ সৈতে এখন বগা বিচনা চাদৰ পাৰি থোৱা হ’ব আৰু কাষত ধুনীয়া লেম্প সজাই থোৱা হ’ব।হোটেলখনত কোনো ধৰণৰ অভ্যৰ্থনা কক্ষ (reception) আৰু স্নানাগাৰৰ (bathroom) সুবিধা পোৱা নাযাব। স্নানাগাৰৰ বাবে গ্ৰাহকে ওচৰতে থকা কোনোবা জিৰণিচৰা (public restroom)লৈ যাব লাগিব।
আনহাতে হোটেলখন মুকলি ঠাইত হোৱাৰ বাবে তালৈ বছৰৰ সকলো সময়তে পৰ্যটক যাব নোৱাৰে। হোটেলখনত থকাৰ কথাটো সম্পূৰ্ণৰূপে ঋতুৰ ওপৰতহে নিৰ্ভৰশীল। বতৰ মুকলি হৈ থাকিলেহে হোটেল কৰ্তৃপক্ষই গ্ৰাহকৰ বাবে বিচনাৰ ব্যৱস্থা কৰে ।
“Null Stern“ নামৰ এই হোটেলখন প্ৰতিষ্ঠা কৰিছিল চুইজাৰলেণ্ডৰ ফ্ৰাংক আৰু ৰিকলিন নামৰ দুগৰাকী লোকে। প্ৰাপ্ত তথ্য মতে লাহে লাহে জনপ্ৰিয় হৈ উঠা এই হোটেলখনে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যথেষ্ট সক্ষম হৈছে ।