আমাৰ দেহৰ বিভিন্ন অংগ -প্ৰত্যংগৰ ভিতৰত অতি প্ৰয়োজনীয় অংগ হ’ল আমাৰ চকুযুৰি। চকুযুৰিৰ সহায়ত আমি বিনন্দিয়া পৃথিৱী খন উপভোগ কৰিবলৈ সক্ষম হৈছো । গতিকে চকুযুৰি ভালে ৰাখিবলৈ আমি সৰুৰে পৰাই চকুৰ যতন ল’ব লাগে। চকুযুৰি ভালে ৰাখিবলৈ হলে
১) যি বিলাক ফল-মূল পূৰঠ বা পকিলে হালধীয়া বা ৰঙা ৰঙৰ হ’য় তেনেধৰণৰ খাদ্য আৰু সেউজীয়া শাক-পাচলি নিয়মীয়াকৈ খাব লাগে।
২) পৰিষ্কাৰ পানীৰে চকু ভালদৰে দিনটোত ৪/৫ বাৰ অন্তত ধুব লাগে।
৩) চকু মচিবলৈ ব্যৱহাৰ কৰা কাপোৰ- কানি পৰিষ্কাৰ -পৰিচ্ছন্ন হোৱা উচিত।
৪) চকুত কাজল লগাওঁতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি চকু ৰাখিব লাগে।
৫) শুবলৈ লোৱাৰ আগতে আৰু শুই উঠাৰ পাছত চকু পৰিষ্কাৰ পানীৰে ধুব লাগে।
৬) চকুৰ আঘাটক অৱহেলা কৰিব নালাগে।
৭) চকুৰ উজ্বলতা বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধৰ বাবে তিয়ঁহ আৰু মৌ লগাব লাগে।
৮) চকুৰ ব্যায়াম নিয়মীয়াকৈ কৰিব লাগে।
৯) চকুত বেছি বতাহ লগাব দিব নালাগে।
১০) সেউজীয়া গছ-গছনি বা সেউজীয়া খেতি পথাৰলৈ চালে চকু ভালে থাকে।