হাঁইফাঁই হ’ল মানৱ দেহৰ শ্বাসনলী আৰু হাওঁফাওঁৰ এক প্ৰকাৰ ৰোগৰ ফলত ৰোগীৰ শ্বাস কষ্ট ৰোগ। হাঁইফাঁই সাধাৰণতে জন্মৰ পিছৰে পৰা বা শিশু অৱস্থাৰ পৰাই আৰু মধ্য বয়সত আৰম্ভ হয়। মহিলাৰ সাধাৰণতে বেছি বয়সত হাঁইফাঁই ৰোগ আৰম্ভ হয়। হাঁপানি বা হাঁইফাঁইৰ লক্ষণবোৰ ঠাণ্ডা লাগি পানী লগাৰ দৰে আৰম্ভ হৈ পিচত অতি শোচনীয় হৈ পৰিব পাৰে। হাঁইফাঁইৰ পৰা আমি কেনেকৈ প্ৰতিৰোধৰ ব্যৱস্থা কৰিব পাৰোঁ জানো আহক-
১) বায়ু প্ৰদূষণৰ পৰা সদায় আঁতৰত থাকিব লাগে। ধূমপান কৰিব নালাগে আনকি ধুমপানৰ ধোঁৱাৰ পৰা আঁতৰত থাকিব লাগে।
২) আহাৰৰ পিছত অধিক পানী খাব নালাগে। আহাৰ গ্ৰহণ কৰাৰ আধা ঘণ্টাৰ পাছতহে পানী খাব লাগে।
৩) কুহুমীয়া পানী খাব লাগে। পানীত আদা মিহলাই উতলাই ঠাণ্ডা কৰি খাব লাগে ।
৪) আহাৰ গ্ৰহণ কৰাৰ পাছত এক চামুচ মৌ , আধা চামুচ আদাৰ ৰস আৰু ১/৪ চামুচ জালুকৰ গুড়া মিহলি কৰি খাব লাগে।
৫) মূলা , ধনিয়া , কেঁচা হালধিৰ ৰস , পিঁয়াজ আদি নিয়মীয়াকৈ ব্যৱহাৰ কৰিব লাগে।
৬) এলাৰ্জি সৃষ্টি কৰিব পৰা বস্তুৰ পৰা আঁতৰত থাকিব লাগে।
৭) পৰ্যাপ্ত পৰিমাণে জুলীয়া বস্তু খাব লাগে , ই শ্বাস-প্ৰশ্বাসত সহায় কৰে।
৮) ঘৰৰ ভিতৰত বা ঘৰৰ ওচৰত পক্ষী , জীৱ-জন্তু আদি বান্ধিব নালাগে বা ঘৰৰ ভিতৰত সোমাব দিব নালাগে।
৯) বিছনাৰ কাপোৰ-কানি সদায় ৰ’দত দিব লাগে আৰু পৰিষ্কাৰ কৰি ৰাখিব লাগে।
১০) কেঁচা -হালধিৰ ৰস এচামুচ এটুকুৰা গুড়ৰ লগত সপ্তাহত তিনিদিন মান খাব লাগে।
এনেকৈ সাৱধানতা আৰু নিয়মত থাকিলে হাঁইফাঁই ৰোগৰ পৰা কিছু সকাহ পাব পাৰি।