বৰ্তমান সময়ত স্নেকছ হিচাপে বহু ব্যৱহৃত এবিধ খাদ্য হৈছে ড্ৰাই ফ্ৰুটছ ( Dry fruits )। কিছুমান তাজা ফল শুকুৱাই ড্ৰাই ফ্ৰুটছ প্ৰস্তুত কৰা হয় । ব্ৰেকফাষ্টৰ পৰা আবেলিৰ স্নেকছলৈকে বহুতো লোকৰ খাদ্যৰ তালিকাত এই ড্ৰাই ফ্ৰুট্ছে ঠাই পাইছে ।আজিকালি কাজু বাদাম , কিচমিচ ,পিষ্টা , আলমণ্ড , খেজুৰ,কাঠবাদাম, নাৰিকল আদি বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছ পোৱা যায় ।
ড্ৰাই ফ্ৰুটছ এনে এবিধ খাদ্য য’ত উচিত পৰিমাণে খালে শৰীৰৰ বহুত উপকাৰ হয় কিন্তু জোখতকৈ অধিক খালে শৰীৰৰ বহু ক্ষতি হ’ব পাৰে । বিশেষজ্ঞ সকলে সুস্থ থাকিবৰ বাবে ড্ৰাই ফ্ৰুটছ খোৱাৰ পৰামৰ্শ দিছে ।স্বাস্থ্য সচেতন বহুতো লোকৰ ডায়েট লিষ্টত এয়া এক গুৰুত্বপূৰ্ণ উপাদান ।
বিশেষজ্ঞ সকলে ড্ৰাই ফ্ৰুটছ হিচাপে বাদাম , কিচমিচ , বীজ আদি খোৱাৰ পৰামৰ্শ দিয়ে । কাঠবাদাম আৰু কাজুবাদামত যথেষ্ট পৰিমাণে কেলৰি থাকে । সূৰ্যমুখী বীজতো কেলৰিৰ পৰিমাণ সিমান কম নহয় । আনহাতে খেজুৰে শৰীৰৰ উষ্ণতা বঢ়োৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বঢ়ায় ।ড্ৰাই ফ্ৰুটছত থকা ফাইবাৰ শৰীৰৰ বাবে বহুত উপকাৰী ।
ড্ৰাই ফ্ৰুটছত অনেক ভিটামিনো পোৱা যায় যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় । আনহাতে এন্টিএজিং ৰ ক্ষেত্ৰত যথেষ্ট ফলপ্ৰসু হয় এই ড্ৰাই ফ্ৰুটছ । দাঁত , হাড় আৰু চকুৰ বাবেও উপকাৰী হোৱাৰ লগতে কেঞ্চাৰ , হাৰ্টৰ অসুখ , মধুমেহ , ব্ৰেইন ডিজিজ আদিৰ দৰে ৰোগো দূৰ কৰে । প্ৰাকৃতিগত ভাৱে ড্ৰাই ফ্ৰুটছত থকা চেনিয়ে এনিমিয়া ৰোধ কৰাতো সহায়ক হয় ।
স্নেকছ হিচাপে ড্ৰাই ফ্ৰুটছ সহজলভ্য, সুস্বাদু আৰু উপকাৰী যদিও উচিত পৰিমাণেহে খোৱাৰ দৰকাৰ।ড্ৰাই ফ্ৰুটছত থকা বেলেগ বেলেগ ফলত বিভিন্ন উপাদানবোৰৰ মাত্ৰাও বেলেগ বেলেগ । ড্ৰাই ফ্ৰুটছ খোৱাৰ কিছুমান নিৰ্দিষ্ট পৰিমাণ আছে –
- কাঠবাদাম দিনে ১০ টা পৰ্যন্ত খাব পৰা যায় ।
- অ’মেগা-৩ সমৃদ্ধ আখৰোট দিনে এটাতকৈ বেছি খোৱা উচিত নহয় ।
- আনহাতে চিনাবাদাম একমুঠি পৰ্যন্ত খাব পৰা যায় ।
- এদিনত পিস্তাবাদাম ৬ বা ৭ টা আৰু কাজুবাদাম ৪ বা ৫ টা খোৱা উচিত।
- এদিনত এটা বা দুটা খেজুৰ শৰীৰটোৰ বাবে যথেষ্ট ।
পৰিমাণতকৈ বেছি খালে ড্ৰাই ফ্ৰুটছে শৰীৰত বহুতো হানি কৰিব পাৰে । ই ওজন কমোৱাত যিদৰে সহায়ো কৰে সেইদৰে বেছিকৈ খালে ওজন বঢ়োৱাৰ লগতে মধুমেহ ৰোগ হোৱাৰো সম্ভাৱনা প্ৰৱল কৰি তুলে । ড্ৰাই ফ্ৰুটছত কেলৰি আৰু চেনিৰ ঘনত্ব বেছি যাৰ ফলত অতিৰিক্ত পৰিমাণে খালে ওজন বঢ়াৰ লগতে , গেছৰ সমস্যা আৰু মধুমেহ ৰোগত আক্ৰান্ত ৰোগীৰ তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যোৱাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে ।
আনহাতে নিমখ মিহলি বাদাম বেছিকৈ খালে শৰীৰত ৰক্তচাপ বৃদ্ধি হোৱাৰ লগতে ডায়েৰিয়া অথবা কোষ্টকাঠিন্য দৰে ৰোগো হ’ব পাৰে । ড্ৰাই ফ্ৰুটছত থকা ফাইবাৰ শৰীৰৰ বাবে বহুত উপকাৰী যদিও বেছি ফাইবাৰযুক্ত খাদ্য খালে হজমশক্তি নষ্ট হৈ যায় । আনহাতে নাৰিকল ড্ৰাই ফ্ৰুটছ হিচাপে প্ৰস্তুত কৰিলে তাত স্বাস্থ্যগুণ কমি যায় আৰু বেছি পৰিমাণে খালে শৰীৰত চৰ্বিৰ মাত্ৰা বঢ়াই দিয়ে ।