শীতকালত সুন্দৰ শৰীৰৰ অধিকাৰী কেনেকৈ হব ? সুন্দৰ হৈ থাকিবলৈ , শীতকালত শৰীৰৰ মালিচ অতি প্ৰয়োজনীয়।
১) চকুৰ তলৰ অংশত যদি ক’লা দাগ পৰে , তেঁতেলীৰ বীজৰ শাঁহ খিনি পিহি বগা চন্দনৰ গুড়াৰ সৈতে পানীৰ লগত মিহলাই মলম তৈয়াৰ কৰি লাহে লাহে মালিচ কৰিব লাগে। এপেদৰে কেইদিনমান ব্যৱহাৰ কৰিলেই দাগ উঠি যায়।
২) মুখ মণ্ডলৰ গালত নেমুৰ ৰস আৰু মৌ মিহলাই লাহে লাহে মালিচ কৰিব লাগে। এনেদৰে মালিচ কৰিলে মুখমণ্ডলৰ ছালৰ উজ্বলতা আনে আৰু শুকান ছালো দেখিবলৈ ধুনীয়া হৈ পৰে।
৩) ছালকুৱঁৰীৰ পাতৰ বীজলেৰেও মুখৰ ছাল মালিচ কৰিব পাৰি। এনেদৰে মালিচ কৰিলে সূৰ্যৰ তাপত দেই যোৱা ছালো ভাল হয় আৰু ছাল নিমজ হয়।
৪) মুখৰ ছালৰ ৰূপ একেবাৰে ক’লা হৈ খজুৱতি হ’লে কেঁচা হালধি এডোখৰ কাটি ছালত সানি তাৰ পাছত এফুটা নহৰু কাটি তাৰ ৰস খিনি লগাব লাগে। এনেদৰে দুই-তিনিবাৰ কৰাৰ পাছত পাঁচ মিনিট সময় ৰাখি পানীৰে ধুই দিব লাগে। এমাহমান একেৰেহে মালিচ কৰিলে ক’লা দাগ নাইকিয়া হোৱাৰ লগতে ছালৰ খজুৱতিও ভাল হয়।
৫) গা ধোৱাৰ আগতে মূৰত সৰিয়হৰ তেলেৰে মালিচ কৰিব লাগে। ছালকুঁৱৰীৰ বীজল , ঔ-টেঙাৰ বীজল আদিৰেও মূৰত মালিচ কৰিলে চুলিৰ গুৰিবিলাক মজবুত হয় আৰু উফি নোহোৱা হয়।
৬) জবা ফুলৰ ৰসেৰে মূৰ মালিচ কৰিলে চুলিৰ উজ্বলতা বাঢ়ে।
৭) পেট আৰু কঁকালৰ অংশ খামুচি মালিচ কৰিব লাগে। নাভিত সৰিয়হৰ তেল দি নাভিৰ চাৰিওফালে গোলাকাৰে মালিচ কৰিলে হজম শক্তি বাঢ়ে , পেটৰ মাংসপেশী শক্তিশালী হয় আৰু সুসাস্থ্যৰ গৰাকী হয়।
৮) সৰিয়হৰ তেলেৰে ভৰিৰ তলুৱাত মালিচ কৰিব লাগে। জ্বৰ হলে কাঁহৰ বাটিত সৰিয়হৰ তেল গৰম কৰি ভৰিৰ তলুৱাত মালিচ কৰিলে জ্বৰ তৎক্ষনাত কমি যায়।