গৰ্ভাৱস্থাত হোৱা বহুমুত্ৰক জেষ্টিচনাল ডায়েবেটিছ বুলি কোৱা হয়। এইৰোগ হ’লে অধিক পানী পিয়াহ লাগে। সঘনাই প্ৰস্ৰাৱ হয় আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা কৰে। শৰীৰ অৱশ বা দুৰ্বল অনুভৱ হয়। জেষ্টিচনাল ডায়েবেটিছ হ’লে গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে। অধিক চৰ্বি যুক্ত শকত শিশু জন্ম হ’ব পাৰে। মাতৃ আৰু শিশুৰ জণ্ডিচ হ’ব পাৰে বা বিকৃত শিশু জন্ম হ’ব পাৰে।
গৰ্ভাৱস্থাত হোৱা জেষ্টেচনাল ডায়েবেটিছ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানো আহকচোন-
১) মাতৃ গৰাকীয়ে সম্পূৰ্ণ পেট ভৰাই খাদ্য খাব নালাগে। কম কম কৈ দিনটোত ৮/১০ বাৰত খাব লাগে।
২) সুমথিৰা টেঙা , নেমুটেঙা , আমলখি আদি লৌহ জাতীয় খাদ্য খাব লাগে। তিতা আৰু কেহা বস্তু দৈনিক কম পৰিমাণে খাব লাগে।
৩) ঠাণ্ডাপানী যথেষ্ট পৰিমাণে খাব লাগে।
৪) খোজকঢ়া আৰু সামান্য ব্যায়াম কৰিব পাৰিলে ভাল।
৫) আহাৰৰ লগত ৩/৪ কোহ কেঁচা নহৰু খালে ই ইনচুলিনৰ কাম কৰে।
৬) মিথি শাক , মহানিমৰ পাত , কেঁচা হালধিৰ ৰস উপকাৰী।
৭) ক’লাজামুৰ ৰস খোৱা ভাল।
৮) ব্ৰাহ্মী শাক উপকাৰী। আঁহ জাতীয় খাদ্য খোৱা উচিত।
৯) যিকোনো মিঠা বস্তু বা মিঠা ফল , পকা অমিতা , পকা আম , পকা কঁঠাল , পকা লিচু , মিঠা আঙুৰ আদি খাব নালাগে।
১০) গাখীৰ , ঘিউ খোৱা ভাল নহয়।
১১) লঘোনে থাকিব নালাগে।
১২) মাদক দ্ৰব্য , ধুমপান কৰিব নালাগে।