১) নেমৰ ৰস :- বীজ শোধন কৰিবলৈ বা বীজত থকা ভেঁকুৰ আদি নাশ কৰিবলৈ বা পৰুৱা আদিয়ে বীজ আদি নাখাবৰ বাবে গুটি সিঁচাৰ আগতে গোলনেমুৰ ৰস বা ৰবাব টেঙাৰ ৰস মিহলি কৰি সিচিঁব লাগে।
২) নহৰুৰ ৰস :- নহৰুৰ ৰস চাহ – চামুচেৰে ৩ চামুচ ১ লিটাৰ পানীত মিহলি কৰি পোক-পৰুৱা বা বেমাৰে আক্ৰমণ কৰা গছ-গছনি বা ফল-মূলত ছটিয়ালে ভাল ফল পোৱা যায়।
৩) নাৰ্জি ফুলৰ ৰসে ম’হৰ কণী নাশ কৰিব পাৰে। পাত আৰু ফুলৰ ৰস কীটানুনাশক। বিলাহী খেতিৰ মাজে মাজে নাৰ্জি ফুলৰ গছ ৰুলে বিলাহী খেতি বহু বেমাৰৰ পৰা ৰক্ষা পৰে।
৪) ক’লা তুলসীৰ পাতৰ ৰস এগিলাচ ১ লিটাৰ পানীত মিহলাই পোক – পৰুৱাই আক্ৰমণ কৰা গছ-গছনিত ছটিয়ালে পোক-পৰুৱা মৰে।
৫) ধঁপাতৰ পাত :- ১০ লিটাৰ পানীত আধা কেজি ধঁপাতৰ পাত সিজাই ঠাণ্ডা কৰি ব্যৱহাৰ কৰিলে গছ-গছনিৰ বেমাৰ -আজাৰ আৰু কীট-পতঙ্গ নাশ হয়।
৬) হালধিৰ ৰস :- কেঁচা হালধিৰ ৰসে বহু বীজানু নাশ কৰিব পাৰে।
ইয়াৰ উপৰি দীঘলতি , মাখিয়তী , বিহলঙণি , সৌৰা গছ , সিজু , ইউক্লিপটাছ , নগাবন , কেতুৰি , চিৰতা , কালমেঘ , নৰসিংহ , পচতীয়া , কৰৱী , সোণাৰু , আদা আদি বিভিন্ন গছ-গছনিৰ ৰসে খেতিৰ অনিষ্টকাৰী পোক-পতংগ আৰু ৰোগৰ বীজানু নাশ কৰিব পাৰে।